ETV Bharat / state

মন্ত্রী জয়ন্তমল্ল বৰুৱালৈ কিয় 'বাৰ্নল' প্ৰেৰণ কৰিলে যুৱ কংগ্ৰেছে ?

author img

By

Published : Jul 6, 2022, 4:15 PM IST

Minister Jayanta Malla Baruah
মন্ত্রী জয়ন্তমল্ল বৰুৱালৈ কিয় 'বাৰ্নল' প্ৰেৰণ কৰিলে প্ৰদেশ যুৱ কংগ্ৰেছে ?

ৰাজীৱ ভৱনত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ সংবাদমেল । প্ৰদেশ যুৱ কংগ্ৰেছৰ বান সাহায্য প্ৰদানক লৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে অংকিতা দত্তই । জয়ন্তমল্ল বৰুৱাৰ 'চৰ্ট টাইম মেম’ৰি লষ্ট’ হোৱা বুলি মন্তব্য অংকিতা দত্তৰ (Jayanta Malla Baruah lost his short-term memory)।

গুৱাহাটী, ৬ জুল‍াই: বান সাহায্য প্ৰদানৰ নামত বৰাকত অসম প্ৰদেশ যুৱ কংগ্ৰেছে প্ৰচাৰ চলোৱা বুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই(Minister Jayanta Malla Baruah) কৰা মন্তব্যকলৈ জাঙুৰ খাই উঠিছে প্ৰদেশ যুৱ কংগ্ৰেছ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই(AYC president Ankita Dutta) মত্ৰীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁক 'গজনি' আখ্যা দিয়ে ।

জয়ন্তমল্ল বৰুৱাৰ 'চৰ্ট টাইম মেম’ৰি লষ্ট’ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে মন্ত্ৰীগৰাকীয়ে কথাবিলাক সোনকালে পাহৰি যায় । লগতে ক’লে, বৰাকবাসী ভয়াৱহ বানৰ কবলত পৰাৰ সময়ত ৰেডিচন ব্লু’ত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ পৰিকল্পনাত মন্ত্ৰীগৰাকী ব্যস্ত হৈ আছিল (Maharashtra MLA at Raddison Blu)। তেতিয়া মন্ত্ৰীগৰাকী বানাক্ৰান্তৰ কাষলৈ যোৱা নাছিল । নাইবা তেওঁলোকৰ কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা বানাক্ৰান্তৰ কাষত নাছিল ।

মন্ত্রী জয়ন্তমল্ল বৰুৱালৈ কিয় 'বাৰ্নল' প্ৰেৰণ কৰিলে প্ৰদেশ যুৱ কংগ্ৰেছে ?

বানৰ কবলত পৰা বৰাকৰ মহিলা-যুৱতীসকলক সহায় কৰাৰ বাবে প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা চেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰা হৈছিল । প্ৰদেশ যুৱ কংগ্ৰেছে ২১ জুনৰ পৰা অবিৰতভাৱে বৰাকৰ বানাক্ৰান্ত জিলাকেইখনত সাহায্য আগবঢ়াই আহিছে (Flood relief by Congress in Barak valley)। তাকে দেখি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ দেহ জ্বলা-পোৰা কৰিছে বুলি মন্তব্য কৰে অংকিতা দত্তই ।

যাৰ বাবে বুধবাৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱালৈ কুৰিয়াৰযোগে 'বাৰ্নল' মলম পঠিওৱাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে অংকিতা দত্তই (Congress sent Burnol Cream to Jayanta Malla Baruah)। যাতে মন্ত্ৰীগৰ‍াকী জ্বলনৰ পৰা মুক্ত হয় । তেওঁ লগতে কয় যে তেওঁলোকে বিজেপিৰ দৰে মিছা প্ৰতিশ্ৰুতি নিদিয়ে আৰু বিজেপিৰ দৰে প্ৰচাৰ নচলায় ।

সংবাদমেলত অংকিতা দত্তই বিজেপি চৰকাৰৰ প্ৰচাৰৰ কিছু নমুনাও দাঙি ধৰে । সংবাদমেলত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্প‍াদক তথা প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাবধায়ক মিলিন গৌতমকে ধৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ কেইবাজনো নেত‍া উপস্থিত আছিল ।

লগতে পঢ়ক: চাবুৱাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিৰ্দশন বিধায়ক পোনাকণ বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.