ETV Bharat / state

চাবুৱাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিৰ্দশন বিধায়ক পোনাকণ বৰুৱাৰ

author img

By

Published : Jul 6, 2022, 2:08 PM IST

চাবুৱাৰ খামটি গুৱালী কইলাবাৰীত ডিব্ৰু আৰু ব্ৰক্ষ্মপুত্ৰ নদীৰ খহনীয়াই লৈছে ভয়াবহ ৰূপ (Dibru and Brahmaputra river Erosion) ৷ খহনীয়াত আপোন ঘৰখন হেৰুৱাই আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালসমূহে ৷ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক, মুখ্য অভিযন্তাৰ ৷ খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কুপাইনৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা বিধায়ক পোনাকণ বৰুৱাৰ ৷

mla punakan boruah visited erosion place of chabua
চাবুৱাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিৰ্দশন বিধায়ক পোনাকণ বৰুৱাৰ

মৰাণ, 6 জুলাই: ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোটি কোটি টকা আবন্টন দিয়াৰ সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱাত খহনীয়াৰ ফলত গৃহহীন হৈছে শতাধিক পৰিয়াল (Erosion in Chabua)। বহু বছৰৰ পৰাই খহনীয়া সমস্যাই বাৰুকৈয়ে সমস্যাত পেলাইছে চাবুৱাৰ নৈপৰীয়া ৰাইজক। চাবুৱা সমষ্টিৰ খামটি গুৱালী কইলাবাৰীত ডিব্ৰু আৰু ব্ৰক্ষ্মপুত্ৰই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।

যোৱা এটা সপ্তাহত অঞ্চলটোত ২০ টাতকৈ অধিক পৰিয়ালে খহনীয়াত আপোন ঘৰখন হেৰুৱাই আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । ব্ৰক্ষ্মপুত্ৰৰ এই প্ৰৱল খহনীয়াৰ ফলত এতিয়া সমগ্ৰ অঞ্চলটোৰ প্ৰায় ২০০ টা পৰিয়াল আতংকিত হৈ পৰিছে । অঞ্চলটোৰ ৰাইজক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ তৎপৰ হৈ পৰিছে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা ।

চাবুৱাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিৰ্দশন বিধায়ক পোনাকণ বৰুৱাৰ

জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক লগত লৈ খহনীয়াগ্ৰস্ত অঞ্চলটোত উপস্থিত হৈ ৰাইজৰ লগত আলোচনাত মিলিত হয় বিধায়ক বিধায়ক পোনাকণ বৰুৱা (MLA Punakan Boruah visited erosion place of Chabua)। খহনীয়া প্ৰতিৰোধৰ বাবে কাইলৈৰ পৰাই পাৰ্কুপাইন দিয়াৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে বিধায়ক গৰাকীয়ে ।

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত এইদৰে প্ৰতিবছৰে বহু নৈপৰীয়া ৰাইজৰ ঘৰ, কৃষিভূমি নৈৰ বুকুত বিলিন হৈ পৰাৰ পাছতো খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে (Ex CM Sarbanand Sonowal) ৷

লগতে পঢ়ক: বান-গৰাখহনীয়াৰ বাবে সলনি হ'ব ধৰিছে অসমৰ ভৌগোলিক মানচিত্র

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.