ETV Bharat / state

শিক্ষকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

author img

By

Published : Jun 27, 2020, 8:49 PM IST

হোজাই জিলাৰ কাকীত ধৰ্ষণৰ অভিযোগত আটক এজন শিক্ষক ৷ একে গাঁৱৰ এগৰাকী ন বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে ৷

rape attempt by teacher at Hojai
এগৰাকী শিক্ষকৰ ওপৰত উঠিল ধৰ্ষণৰ অভিযোগ

হোজাই,27 জুনঃ হোজাই জিলাৰ কাকীত ধৰ্ষণৰ অভিযোগত আটক এজন শিক্ষক । কাকী আৰক্ষীয়ে আটক কৰে শিক্ষক সুকুমাৰ মাৰাকক । কাকী আৰক্ষী থানাত ৮২/২০২০ নম্বৰত শিক্ষকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

এগৰাকী শিক্ষকৰ ওপৰত উঠিল ধৰ্ষণৰ অভিযোগ
কাকী ডিমৰুপথাৰ মিলনপুৰত ঘৰ সুকুমাৰ মাৰাকৰ । একে গাঁৱৰ এগৰাকী ন বছৰীয়া কিশোৰীক খেলি থকা অৱস্থাত ফুচুলাই মাতি নি নিজৰ নৱ-নিৰ্মিত দোকানৰ ভিতৰত আৱদ্ধ কৰি অপকৰ্ম কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ শিক্ষক সুকুমাৰ মাৰাকৰ বিৰুদ্ধে । কিন্তু সুকুমাৰৰ পত্নীয়ে সমগ্ৰ অভিযোগ মিছা বুলি ব্যক্ত কৰিছে ৷ অৱশ্যে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনশন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.