ETV Bharat / state

হোজাই জিলাৰ কাকীৰ দেউবালীত ধৰ্ষণৰ অপচেষ্টা

author img

By

Published : Aug 7, 2021, 10:48 PM IST

ক'ভিড পৰিস্থিতিৰ মাজতে ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে যৌন নিৰ্যাতন জনিত ঘটনা ৷ শনিবাৰে হোজাইৰ দেউবালীত এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলালে এজন বিবাহিত যুৱকে ৷

rape-attempt-at-kaki-of-hojai
হোজাই জিলাৰ কাকীৰ দেউবালীত ধৰ্ষণৰ অপচেষ্টা

হোজাই, 7 আগষ্ট : ৰাজ্যত শেহতীয়াকৈ ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে জঘণ্য ঘটনা ৷ কেইদিন মান পূৰ্বে মৰিগাঁৱত এগৰাকী বৃদ্ধই এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই ৰাজ্যত পোহৰলৈ আহিছে কেইবাটাও ধৰ্ষণৰ ঘটনা ৷ ইয়াৰ মাজতে শনিবাৰে হোজাই জিলাৰ কাকীৰ দেউবালীত চলিল ধৰ্ষণৰ অপচেষ্টা ৷

এগৰাকী বিবাহিত যুৱকৰ বিৰূদ্ধে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী 18 বছৰীয়া যুৱতীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,হোজাই জিলাৰ কাকীত পুৱা 8.30 মান বজাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী 18 বছৰীয়া যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলাই একে গাঁৱৰে বিবাহিত যুৱকজনে ৷

হোজাই জিলাৰ কাকীৰ দেউবালীত ধৰ্ষণৰ অপচেষ্টা

যুৱতীগৰাকীৰ ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি বিবাহিত যুৱকজনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কাকী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

গোচৰ ৰুজু কৰাৰ পাছতেই কাকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিত্য বৰাই তাৎক্ষণিকভাৱে লম্পট যুৱক জনক আটক কৰে ৷ তেঁওৰ বিৰুদ্ধে 117/2021US 448/354/354(A) গোচৰ ৰুজু কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷ ইফালে অভিযুক্ত গৰাকী নিৰ্দোষী বুলি দাবী কৰিছে গাঁৱৰ একাংশ মহিলাই ৷

এইয়া যুৱকজনৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি প্ৰতিঅভিযোগ উত্থাপন কৰিছে মহিলা সকলে ৷ গতিকে আৰক্ষীক ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে মহিলা সকলে ৷ এই ধৰণৰ অভিযোগ-প্ৰতিঅভিযোগে বিপাঙত পেলাইছে আৰক্ষীৰ ৷ উচিত তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়কঃ ভিত্তিহীন হৈ পৰিব নেকি দুবছৰীয়া বিএড পাঠ্যক্ৰম?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.