ETV Bharat / state

ভিত্তিহীন হৈ পৰিব নেকি দুবছৰীয়া বিএড পাঠ্যক্ৰম?

author img

By

Published : Aug 7, 2021, 4:59 PM IST

2030 চনৰ ভিতৰত দুবছৰীয়া বিএড পাঠ্যক্ৰমৰ পৰিৱৰ্তে শিক্ষক বৃত্তিৰ বাবে বাধ্যতামূলক হ’ব 4 বছৰীয়া ইন্টিগ্ৰেটেড বি.এড. পাঠ্যক্ৰম ৷ নিম্নমানৰ তথা ষ্টেণ্ড এলোন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰ (Stand alone teachers trainning institute)ৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

the-minimum-degree-qualification-for-teaching-will-be-a-4-year-integrated-b-ed-course-by-2030
ভিত্তিহীন হৈ পৰিব নেকি দুবছৰীয়া বিএড পাঠ্যক্ৰম?

নিউজ ডেস্ক, 7 আগষ্ট : 2030 চনৰ ভিতৰত শিক্ষাদানৰ বাবে দুবছৰীয়া বি.এড. পাঠ্যক্ৰমৰ বিপৰীতে নূন্যতম ডিগ্ৰী অৰ্হতা হ'ব 4 বছৰীয়া ইন্টিগ্ৰেটেড বি.এড. পাঠ্যক্ৰম ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) অনুসৰি, নিম্নমানৰ তথা ‘ষ্টেণ্ড এলোন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ বোৰৰ (Stand alone teachers trainning institute) বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

বুধবাৰে, কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষা নীতিত বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা দুয়োটাৰ বাবে কেইবাটাও সংস্কাৰৰ কথা উল্লেখ কৰা হৈছে । আঁচনিখনৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ দাবীবোৰ কেনেদৰে পূৰণ কৰা হ'ব তাৰ বাবে আঁচনিখনে এক ৰূপৰেখা নিৰ্ধাৰণ কৰিছে ।

এন চি ই আৰ টি (NCERT), শিক্ষক আৰু বিভিন্ন স্তৰৰ শিক্ষক আৰু বিশেষজ্ঞ সংগঠনৰ সৈতে আলোচনা কৰি 2022 চনৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা শিক্ষক সকলৰ বাবে এক উমৈহতীয়া ৰাষ্ট্ৰীয় পেছাদাৰী মানদণ্ড (National Professional Standards for Teachers) বিকশিত কৰা হ'ব ৷

কাৰ্যকাল, পেছাদাৰী বিকাশৰ প্ৰচেষ্টা, দৰমহা বৃদ্ধি, পদোন্নতি, আৰু অন্যান্য স্বীকৃতি সহ শিক্ষক কেৰিয়াৰ ব্যৱস্থাপনাৰ সকলো দিশ নিৰ্ধাৰণ কৰিবলৈ ৰাজ্যসমূহে এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব । পেছাদাৰী মানদণ্ডবোৰ 2030 চনত পুনৰীক্ষণ আৰু সংশোধন কৰা হ'ব ৷

পৰৱৰ্তী সময়ত প্ৰতি দহ বছৰত আকৌ ইয়াৰ পুনৰীক্ষণ আৰু সংশোধন কৰা হ'ব ৷ নতুন নীতিটোৱে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা আৰু শিক্ষকসকলৰ সময়ে সময়ে প্ৰদৰ্শন পৰ্যালোচনা কৰাৰ বাবে এক প্ৰণালীৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ৷ এই নীতি অনুসৰি শক্তিশালী, স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষক সকলক নিয়োগ কৰা হ'ব ।

শিক্ষকসকলৰ পদোন্নতিসমূহ যোগ্যতাৰ ওপৰত নিৰ্ভৰশীল হ'ব ৷ ইয়াৰ লগতে, মাতৃভাষা বা আঞ্চলিক ভাষাত পঞ্চম শ্ৰেণীলৈকে শিক্ষাদান, ব'ৰ্ড পৰীক্ষাৰ অংশ হ্ৰাস কৰা, আইন আৰু চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবে একক নিয়ন্ত্ৰক আৰু বিশ্ববিদ্যালয়সমূহৰ বাবে উমৈহতীয়া প্ৰৱেশ পৰীক্ষা বুধবাৰে উন্মোচন কৰা নতুন এনইপিৰ ব্যাপক সংস্কাৰৰ অংশ ।

লগতে পঢ়ক : কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও মেঘালয়ক দিয়া নহ'ব : কাৰ্বি ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.