ETV Bharat / state

লামডিং কোৱাৰেণ্টাইন কেন্দ্ৰত কদৰ্যময় পৰিৱেশ

author img

By

Published : Aug 27, 2020, 3:38 PM IST

পোহৰলৈ আহিছে হোজাইৰ লামডিঙৰ এক কোৱাৰণ্টাইন কেন্দ্ৰৰ কাহিনী ৷ লামডিঙৰ পাণবজাৰস্থিত গোল্ডেন ল’জটো দীৰ্ঘদিনে জিলা প্ৰশাসনে ব্যৱহাৰ কৰি আহিছে কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে ৷ জিলা প্ৰশাসনৰ অমনোযোগিতাৰ বাবে লজটোত পূৰ্বে থকা লোকসকল ওলাই যোৱাৰ পিছত কোনো পৰিষ্কাৰ নকৰাকৈ নতুনকৈ অহা লোকসকলক থাকিবলৈ দিয়া হয় ৷ ফলত লজটো পোক-পৰুৱাৰে পূৰ্ণ হৈ অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিছে ৷

Poor condition of Lumding quarantine Center hojai assam etv bharat news
গোল্ডেন ল’জ

হোজাই,27 আগষ্ট: ৰাজ্য চৰকাৰে কৰ’ণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে ৷ কোৱাৰেণ্টাইন কেন্দ্ৰ সাজি দিয়াৰ পৰা আৰম্ভ কৰি কৰ’ণাত আক্ৰান্ত ৰোগীৰ খাদ্য যোগানলৈকে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু ভিন্ন সময়ত এই কেন্দ্ৰ অথবা খাদ্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ প্ৰকৃতাৰ্থত এই কোৱাৰেণ্টাইন কেন্দ্ৰ অথবা চৰকাৰে যোগান ধৰা খাদ্য কিমানদূৰ স্বাস্থ্যসন্মত সেই সম্পৰ্কত সন্দেহৰ অৱকাশ নথকা নহয় ৷ পুনৰ তেনে এক কোৱাৰেণ্টাইন কেন্দ্ৰৰ বিতৰ্ক পোহৰলৈ আহিছে ৷ এইবাৰ পোহৰলৈ আহিছে হোজাই জিলাৰ লামডিঙত থকা এক কোৱাৰণ্টাইন কেন্দ্ৰৰ কাহিনী ৷ লামডিঙৰ পাণবজাৰস্থিত গোল্ডেন লজটো দীৰ্ঘদিনে জিলা প্ৰশাসনে ব্যৱহাৰ কৰি আহিছে কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে ৷

কোৱাৰেণ্টাইন কেন্দ্ৰত কদৰ্যময় পৰিৱেশ

বহিঃৰাজ্যৰ পৰা ৰে’লযোগে অহা যাত্ৰীসকলক ৰখা হয় এই কেন্দ্ৰত ৷ জিলা প্ৰশাসনৰ অমনোযোগিতাৰ বাবে লজটোত পূৰ্বে থকা লোকসকল ওলাই যোৱাৰ পিছত কোনো পৰিষ্কাৰ নকৰাকৈ নতুনকৈ অহা লোকসকলক থাকিবলৈ দিয়া হয় ৷ ফলত লজটো পোক-পৰুৱাৰে পূৰ্ণ হৈ অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে কোৱাৰেণ্টাইন কেন্দ্ৰটোত থকা ব্যক্তিসকলে সন্মুখীন হৈছে দুৰ্ভোগৰ ৷ এয়াই নহয়, কেন্দ্ৰটোত বিজুলীৰ সু-ব্যৱস্থা নথকাত উৎকট গৰমৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে কোৱাৰেণ্টাইনত থকা লোকসকলে ৷ কেন্দ্ৰটোত শীঘ্ৰে সকলো প্ৰকাৰৰ ব্যৱস্থা উপলব্ধ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে কোৱাৰেণ্টাইনত থকা লোকসকলে ৷

লগতে চাওকঃ বৰাকত পুনৰ আৰম্ভ লক ডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.