ETV Bharat / state

খেৰণিত ধনদাবীৰ অভিযোগত এজনক আটক

author img

By

Published : Oct 12, 2020, 7:28 PM IST

ধন দাবী কৰাৰ অভিযোগত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত আটক হোজাই জিলাৰ তাজ উদ্দীন নামৰ এজন লোক ৷ অচিনাক্ত নম্বৰেৰে টকা দাহী কৰি পথ নিৰ্মাণকাৰী কোম্পানী ভাৰতীয় ইনফ্ৰা প্ৰজেক্ট লিমিটেডৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কেডাৰ বাজাজক ভীতিগ্ৰস্ত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে আটকাধীন লোক জনৰ বিৰুদ্ধে ৷

ধনদাবীৰ অভিযোগত এজনক আটক
ধনদাবীৰ অভিযোগত এজনক আটক

হোজাই, 12 অক্টোবৰ: ধনদাবীৰ অভিযোগত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত এজনক আটক ৷ আটকাধীন লোকজন হোজাই জিলাৰ তাজ উদ্দীন বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ যোৱা 7 চেপ্তেম্বৰৰ পৰা ধাৰাবাহিকভাৱে এয়াৰটেলৰ এটা অচিনাক্ত নম্বৰেৰে ১০ লাখ টকা দাবী কৰি ভীতিগ্ৰস্ত কৰি আহিছিল পথ নিৰ্মাণকাৰী কোম্পানী ভাৰতীয় ইনফ্ৰা প্ৰজেক্ট লিমিটেডৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কেডাৰ বাজাজক ৷ নিজকে উগ্ৰপন্থী সংগঠন DHD ৰ সদস্য বুলি পৰিচয় দিছিল আটকাধীন লোকজনে ৷ যাৰ বাবে উপায়ন্তৰ হৈ বাজাজ কৰ্তৃপক্ষই শেহতীয়াকৈ আৰক্ষীৰ কাষ চাপে আৰু ঘটনা সন্দৰ্ভত খেৰণি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷

জব্দ কৰে দুটা মোবাইল
জব্দ কৰে দুটা মোবাইল

এজাহাৰৰ ভিত্তিত খেৰণি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত চলা তদন্তত প্ৰথমে চিনাক্ত কৰা হয় অচিনাক্ত অভিযুক্তক ৷ পৰৱৰ্তী সময়ত ১০-১২ দিনীয়া অভিযানৰ অন্তত খেৰণি আৰক্ষীৰ জালত পৰে অভিযুক্ত তাজ উদ্দিন ৷ অভিযুক্ত তাজ উদ্দীন হোজাই জিলাৰ খাৰিখানা গাঁৱৰ বাসিন্দা ৷ আটকাধীন অভিযুক্তৰ পৰা আৰক্ষীয়ে ধন দাবী কৰা মোবাইল, ছিম আদি জব্দ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ইয়াৰ পূৰ্বেও অভিযুক্ত অনুৰূপ ঘটনা তথা ধনদাবীৰ দৰে অপৰাধমূলক কাৰ্যৰ লগত জড়িত আছিল ৷

লগতে পঢ়ক: লখিমপুৰত কংগ্ৰেছ-চিপিআইৰ ‘মিত্ৰজোঁট’ৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.