ETV Bharat / state

জম্মুৰ পৰা উদ্ধাৰ ডবকাৰ সন্ধানহীন মহিলা

author img

By

Published : Jul 3, 2021, 7:03 PM IST

যোৱা 25 জুন তাৰিখে হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত শিংগিৰপাৰ গাঁৱৰ পৰা সন্ধানহীন হৈছিল গৰাকী মহিলা ৷ মহিলা গৰাকী নাৰীদেহ সৰবৰাহকাৰী চক্ৰৰ ভয়ংকৰ জালত পৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

as_hojai_Hojai_women_rescued_from_Jammu_vis_10015
জন্মুৰ পৰা উদ্ধাৰ ডবকাৰ সন্ধানহীন মহিলা

হোজাই, 3 জুলাই : হোজাই আৰক্ষী (Hojai Police) ৰ বৃহৎ সফলতা ৷ আৰক্ষীৰ তাৎক্ষণিক পদক্ষেপত জম্মুৰ পৰা উদ্ধাৰ হ’ল ডবকাৰ সন্ধানহীন মহিলা ৷ মোৰাঝাৰ আৰক্ষী (Morajhar Police)ৰ চাৰিজনীয়া দলে জম্মুৰ পিৰ মিঠা থানাৰ পৰা চমজি লয় মহিলা গৰাকীক ৷ শনিবাৰে শংকৰদেৱনগৰ আদালতত হাজিৰ কৰা হয় মহিলাগৰাকীক ৷

ঘটনা সংক্ৰান্তত হোজাই আৰক্ষীৰ (Hojai Police) হাতত পৰা তথ্য মতে, জম্মুৰ যুৱকৰ লগত ফোনযোগে চিনাকী হৈ জম্মুলৈ পলায়ন কৰিছিল মহিলা গৰাকীয়ে ৷ মহিলা গৰাকী নাৰীদেহ সৰবৰাহকাৰী (Human Trafficking) চক্ৰৰ ভয়ংকৰ জালত পৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ইফালে ঘটনা সংক্ৰান্তত যুৱতীগৰাকীয়ে প্ৰকাশ কৰিছে বিস্ফোৰক মন্তব্য ৷ স্বামীয়ে দ্বিতীয় বিবাহ কৰাৰ ভাবুকি দিয়াৰ বাবেই মহিলা গৰাকী জম্মুলৈ পলায়ন কৰা বুলি আদালতত ভাষ্য প্ৰদান কৰিছে মহিলা গৰাকীয়ে ৷

জন্মুৰ পৰা উদ্ধাৰ ডবকাৰ সন্ধানহীন মহিলা

উল্লেখ্য যে, হোজাই জিলাৰ মোৰাঝাৰ থানাৰ (Morajhar Police) অন্তৰ্গত শিংগিৰপাৰ গাঁৱত যোৱা 25 জুন তাৰিখে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা ৷ ডবকাৰ শিংগিৰপাৰৰ বিবাহিতা মহিলা গৰাকী পিতৃগৃহৰ পৰা পুৱা নীলবাগানৰ ভেকচিন কেন্দ্ৰলৈ যোৱাৰ বাটৰ পৰা সন্ধানহীন হয় ৷

ঘটনা সংক্ৰান্তত মোৰাঝাৰ থানাত মহিলা গৰাকীৰ পিতৃয়ে গোচৰ তৰাৰ পিছতে হোজাই আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থ, অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা, উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি লাভ কৰে বহু বিস্ফোৰক তথ্য ৷ জম্মুত বাস কৰা এজন যুৱকে মহিলা গৰাকীক ফুচলাই জম্মুলৈ নিয়াৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে মহিলা গৰাকী নাৰীদেহ চক্ৰৰ জালত পৰা বুলি নিশ্চিত হয় ৷ তাৰ পিছতে হোজাই আৰক্ষীয়ে জম্মু আৰক্ষীৰ সৈতে যোগাযোগ কৰি জম্মু আৰক্ষীয়ে জম্মুৰ এটি নিষিদ্ধ গলীৰ পৰা উদ্ধাৰ কৰে মহিলা গৰাকীক ৷

মোৰাঝাৰ আৰক্ষীৰ তিনিজনীয়া এটা দল জম্মুত উপস্থিত হৈ চমজি লয় মহিলা গৰাকীক ৷ শনিবাৰে আৰক্ষীয়ে মহিলা গৰাকীক জম্মুৰ পৰা উদ্ধাৰ কৰি হোজাইত উপস্থিত হয় ৷ ইয়াৰ পাছতে শনিবাৰে বিয়লি যুৱতীগৰাকীক শংকৰদেৱনগৰ আদালতত হাজিৰ কৰাই আৰক্ষীয়ে ৷ ইতিমধ্যে যুৱকজনৰ লগত মহিলা গৰাকীয়ে যোগাযোগ কৰাৰ বহু তথ্য আৰক্ষীয়ে লাভ কৰিছে ৷ কিন্তু জম্মুত অভিযান চলোৱাৰ সময়তে যুৱকজনে পলায়ণ কৰে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে আদালতত উপস্থিত হৈ মহিলা গৰাকীয়ে প্ৰদান কৰিছে চাঞ্চল্যকৰ ভাষ্য ৷

বিদেশত কৰ্মৰত মহিলা গৰাকীৰ স্বামীয়ে ফোনযোগে দ্বিতীয় বিবাহ কৰাৰ ভাবুকি দিয়াৰ বাবেই মহিলা গৰাকীয়ে জম্মুলৈ পলায়ন কৰা বুলি স্বীকাৰোক্তি দিয়ে যদিও এতিয়াও সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত ৷ কি কাৰণে জম্মুৰ যুৱকজনে প্ৰলোভন দি মহিলা গৰাকীক জম্মুলৈ লৈ গল, সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান চলাই আছে ৷ লগতে জম্মুৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ বহু তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমানলৈকে এই ঘটনাক লৈ হোজাইত অব্যাহত আছে চাঞ্চল্য ৷

লগতে পঢ়কঃ চৰকাৰৰ দায়িত্বহীনতা: স্থানীয় লোকে মেৰামতি কৰিলে ভগ্ন মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.