ETV Bharat / state

লামডিং বনাঞ্চলৰ উচ্ছেদস্থলী পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

author img

By

Published : Nov 19, 2021, 10:55 PM IST

minister Piyush Hazarika vissit eviction site of Lumding Reserve Forest
লামডিং বনাঞ্চলৰ উচ্ছেদস্থলী পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

চৰকাৰী বনাঞ্চলৰ ভূমিত পুনৰ বেদখল হ’ব নিদিয়াৰ হুংকাৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ । বেদখলকাৰীসকলক নিজৰ ভূমিলৈ ঘূৰি যাবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ।

হোজাই, 19 নৱেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ হোৱা হোজাইৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত শুকুৰবাৰে উপস্থিত হয় জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা । বনাঞ্চলখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে লামডিং বনাঞ্চলৰ ভূমিত পুনৰ বেদখল হ’ব দিয়া নহ’ব বুলি হুংকাৰ দি বনাঞ্চলখনত উচ্ছেদ কৰা ৭২৬ টা পৰিয়ালৰ নব্বৈৰ পৰা পঞ্চানব্বৈ শতাংশ লোকৰ অন্য ঠাইত নিজৰ মাটি-বাৰী আছিল বুলি প্ৰকাশ কৰে । তেওঁ লগতে মাত্ৰ দহ শতাংশ লোকহে ভূমিহীন আছিল বুলি উল্লেখ কৰে । মন্ত্ৰী হাজৰিকাই এই ভূমিহীনসকলক চৰকাৰে পৰ্যবেক্ষণৰ অন্তত সংস্থাপন কৰিব বুলি জানিবলৈ দিয়ে ।

মন্ত্ৰী পিযুষ হাজৰিকা

আনহাতে অবৈধভাৱে বনাঞ্চলখনৰ ভূমি দখল কৰি থকা বাকী ভূমি থকা লোকসকলক সংস্থাপন কৰাৰ প্ৰশ্নই নুঠে বুলি উল্লেখ কৰি সেই লোক সকলক নিজৰ নিজৰ ঠাইলৈ যাবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰী ভূমিত বেদখল হ’লে চৰকাৰ বহি থাকিব নোৱাৰে বুলি মন্তব্য কৰি এই ভূমি কোনোবাই বিক্ৰী কৰা-নকৰাৰ কথা প্ৰযোজ্য নহয় বুলি কয় । ইপিনে অস্থায়ী শিবিৰত থকা একাংশ উচ্ছেদিতই এই উচ্ছেদকলৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । শিবিৰসমূহত বিভিন্ন সমস্যাত দিন অতিবাহিত কৰা এইসকল লোকে মন্ত্ৰীগৰাকীক সন্মুখীন হোৱা সমস্যাৰাজিৰ বিষয়ে প্ৰকাশ কৰিব বিচাৰিছিল যদিও মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ ভ্ৰূক্ষেপ নকৰি তীব্ৰ বেগত সেই স্থান ত্যাগ কৰে ।

লগতে পঢ়ক : লামডিং বনাঞ্চলত গ্ৰেপ্তাৰ হোৱা ভূ মাফিয়াৰ সংখ্যা 5টালৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.