ETV Bharat / state

সাহিত্য সভা নিমাত; লংকা আঞ্চলিক সাহিত্য সভাই উভতি ধৰিলে চিৰাজউদ্দিন আজমলক

author img

By

Published : Apr 4, 2022, 11:33 AM IST

বিধায়ক চিৰাজউদ্দিন আজমলে অসমীয়া ভাষাক লৈ কৰা ইতিকিংসূচক মন্তব্যৰ বিৰোধিতা ৰাজ্যৰ দল-সংগঠনৰ ৷ বিতৰ্কিত বিধায়ক চিৰাজউদ্দিন আজমলৰ বিৰুদ্ধে এইবাৰ সৰব হ’ল লংকা আঞ্চলিক সাহিত্য সভা ৷ জিলা সাহিত্য সভাক বিধায়কগৰাকীৰ অসমীয়া ভাষা বিদ্বেষী মন্তব্য সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ ৷
lanka-sahitya-sabha-reduce-membership-of-mla-sirajuddin-ajmal
সদস্যপদ কৰ্তন বিধায়ক চিৰাজউদ্দিন আজমলৰ

হোজাই, 4 এপ্ৰিল: অসম বিধানসভাৰ চৌহদত অসমীয়া ভাষাত ভাষ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল যমুনামুখৰ বিধায়ক চিৰাজউদ্দিন আজমলে(MLA Sirajuddin Ajmal insults Assamese language) ৷ ইয়াৰ পিছৰে পৰা ৰাজ্যৰ দল-সংগঠনসমূহে বিধায়কগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এইক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে অসম সাহিত্য সভাৰ বিৰুদ্ধে ৷ যিহেতু, বিধায়ক চিৰাজউদ্দিন আজমল অসম সাহিত্য সভা(Assam Sahitya Sabha)ৰ এগৰাকী আজীৱন সভ্য ৷

কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম হিচাপে পৰিচিত হৈছে হোজাইৰ লংকা আঞ্চলিক সাহিত্য সভা ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব হোজাই সাহিত্য সভাৰ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন ৷ তাৰ পূৰ্বে অধিৱেশনৰ আদৰণি সমিতিৰ সদস্য পদৰ পৰা নাম কৰ্তন কৰা হৈছে বিতৰ্কিত বিধায়ক চিৰাজউদ্দিন আজমলৰ(Lanka Sahitya sabha reduce membership of MLA Sirajuddin Ajmal) ৷

লংকা আঞ্চলিক সাহিত্য সভাৰ সংবাদমেল

দেওবাৰে লংকা আঞ্চলিক সাহিত্য সভাই লোক নিৰ্মাণ বিভাগৰ আৱৰ্ত ভৱনত এক সংবাদমেল(Press meet of Lanka sahitya sabha) সম্বোধন কৰি সদৰি কৰে এই কথা ৷ লংকা আঞ্চলিক সাহিত্য সভাৰ সভাপতি মুকুট দেৱগোস্বামীয়ে সম্বোধন কৰা সংবাদমেলখনতে হোজাই জিলা সাহিত্য সভাক বিধায়কগৰাকীৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

উল্লেখ্য যে, বিগত জানুৱাৰী মাহতে হোজাই জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন লংকাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিডজনিত পৰিস্থিতিৰ বাবে প্ৰশাসনৰ অনুমতি লাভ নকৰাত বাতিল কৰিবলগীয়া হয় ৷ পৰৱৰ্তী সময়ত এই অধিৱেশন মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ কথা যদিও পৌৰ নিৰ্বাচনৰ বাবে পুনৰ স্থগিত ৰাখিবলগীয়া হৈছিল ৷ সেয়ে পুনৰ এই অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে 10 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ৷

লংকা আঞ্চলিক সাহিত্য সভাই যমুনামুখৰ বিধায়ক চিৰাজউদ্দিন আজমল(MLA Sirajuddin Ajmal controversy)ক তেওঁৰ কৰ্মকাণ্ডৰ বাবে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী উত্থাপন কৰিছে ৷ অন্যথা চিৰাজউদ্দিন আজমলক সামাজিকভাৱে বৰ্জন কৰা উচিত বুলি লংকা আঞ্চলিক সাহিত্য সভাৰ সভাপতি মুকুট দেৱগোস্বামীয়ে মন্তব্য প্ৰকাশ কৰে ৷

লগতে চাওক: বিধায়ক চিৰাজউদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.