ETV Bharat / state

লংকাত খেলো ইণ্ডিয়াৰ কেন্দ্ৰ মুকলি

author img

By

Published : Sep 15, 2022, 1:57 PM IST

Khelo India Centre opened in Lanka
লংকাত খেলো ইণ্ডিয়াৰ কেন্দ্ৰ মুকলি

দেশৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত সকলো লোককে উৎসাহিত কৰা উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে । অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে দেশত এহেজাৰটা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপনৰ কাম ইতিমধ্য়ে আৰম্ভ কৰিছে । ইয়াৰে অংশৰূপে লংকাত খেলো ইণ্ডিয়াৰ কেন্দ্র মুকলি (Khelo India Centre opened in Lanka) কৰা হয় ।

হোজাই, ১৫ছেপ্টেম্বৰ: হোজাই জিলাৰ লংকাৰ ক্ৰীড়া সন্থাৰ (Sports Association of Lanka) খেলপথাৰত লংকা তথা লংকাৰ দাঁতিকাষৰীয়া খেলুৱৈসকলক উৎসাহ দিয়াৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ উদ্য়োগত এটা খেলো ইণ্ডিয়াৰ কেন্দ্র আনুষ্ঠানিকভাৱে মুকলি (Khelo India Centre opened at Lanka) কৰা হয় ।

উক্ত, খেলো ইণ্ডিয়াৰ কেন্দ্ৰটোত বিশেষকৈ খেলুৱৈসকলক ফুটবল খেলৰ প্ৰশিক্ষণ দিয়া হ'ব বুলি ক্ৰীড়াৰ প্ৰভাৰী গৰাকীয়ে উল্লেখ কৰিছে । ক্ৰীড়া সন্থাৰ খেলপথাৰতেই আয়োজিত এখন সভাত কেন্দ্ৰটো মুকলি কৰি উক্ত কেন্দ্ৰটোৰ পৰা খেলুৱৈসকল কেনেদৰে উপকৃত হ'ব সেই সন্দৰ্ভত ভাষণত উল্লেখ কৰে হোজাই জিলাৰ দায়িত্বত থকা ক্ৰীড়াৰ প্ৰভাৰী গৰাকীয়ে ।

উল্লেখ্য় যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত খেলো ইণ্ডিয়াৰ কেন্দ্র মুকলি কৰাৰ সমান্তৰালভাৱে হোজাই জিলাতো হোজাই আৰু লংকাত দুটা কেন্দ্র মুকলি কৰা হয় ।

লংকাত খেলো ইণ্ডিয়াৰ কেন্দ্ৰ মুকলি

দেশৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত সকলো লোককে উৎসাহিত কৰা উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে । অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে দেশত এহেজাৰটা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপনৰ কাম ইতিমধ্য়ে আৰম্ভ কৰিছে । দেশত খেলৰ যথেষ্ট সম্ভাৱনীয়তা আছে আৰু ইয়াক সঠিকৰূপত ব্যৱহাৰৰ বাবে উদ্যোগ,বাণিজ্য আৰু বিভিন্ন প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াব লাগিব । বৰ্তমান খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়া (Fit India Mission) অভিযানে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া আঁচনিৰ অধীনত অসম ৰাইফলছ পাব্লিক স্কুলক (Assam Rifles Public School) ক্ৰীড়া বিদ্যালয় (Sports School of North East) হিচাপে ইতিমধ্য়েই ঘোষণা কৰা হৈছে । এই বিদ্যালয়ৰ মেধা সম্পন্ন খেলুৱৈ ছাত্ৰ-ছাত্ৰী সকলৰ থকা খোৱা,শিক্ষা,প্ৰতিযোগিতা আদি বিভিন্ন ব্য়য় কেন্দ্ৰীয় চৰকাৰে বহন কৰে । শিক্ষাৰ সৈতে ক্ৰীড়াক আগবঢ়াই নিয়াৰ লগতে ইয়াৰ জৰিয়তে সমগ্ৰ দেশতে এজন খেলুৱৈৰ সৰ্বাংগীণ বিকাশ সাধন কৰাই হৈছে খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয়ৰ প্ৰধান উদ্দেশ্যে ।

লগতে পঢ়ক:আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.