আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে

author img

By

Published : Sep 15, 2022, 12:01 PM IST

Democratic Youth Federation of India to hold statewide protest today
ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন ()

আজি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ দাবী দিৱস ৷ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে প্ৰত্যেক বছৰৰ ১৫ ছেপ্টেম্বৰ দিনটো দাবী দিৱস হিচাপে পালন কৰি আহিছে । ইয়াৰে অংশ হিচাপে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিয়ে আজি ৰাজ্যজুৰি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয় (DYFI to hold statewide protest) ৷

জনীয়া, 15 ছেপ্টেম্বৰ: আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক কমিটিয়ে (DYFI to hold statewide protest) ৷ উল্লেখ্য যে, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিয়ে ১৫ ছেপ্টেম্বৰ তাৰিখটো প্ৰত্যেক বছৰেই দাবী দিৱস হিচাপে পালন কৰি আহিছে । তাৰে লগত সংগতি ৰাখি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিয়ে বৃহস্পতিবাৰে অৰ্থাৎ ১৫ ছেপ্টেম্বৰত কেইবাটাও দাবীৰ ভিত্তিত দাবী দিৱস পালনৰ আহ্বান জনাইছে ।

ইয়াৰে অংশ হিচাপে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিয়ে বিভিন্ন দাবীৰ ভিত্তিত বৃহস্পতিবাৰে প্ৰত্যেকখন জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰিব (Left youth organisations plan protest) ৷ তেওঁলোকে নিবনুৱাক সংস্থাপন, বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান আৰু শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত বিক্ষোভ, প্ৰতিবাদ, অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত লৈছে ।

উক্ত ধৰ্মঘটৰ অংশ হিচাপে প্ৰত্যেক জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ দাবীসম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব প্ৰতিবাদকাৰীসকলে । এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ সকলো ছাত্ৰ, যুৱক আৰু ৰাইজৰ যোগদানৰ আহ্বান জনাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক কমিটিৰ সভাপতি ৰোস্তম আলীয়ে ।

লগতে পঢ়ক : মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে তীব্র ভাবুকি কঢ়িয়াইছে বিলখনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.