ETV Bharat / state

ডবকাৰ টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Mar 23, 2021, 8:02 PM IST

মঙলবাৰে ডবকাৰ টোলগেটত বাহনত ফাষ্ট টেগ নথকাৰ বাবে চালকক প্ৰহাৰ কৰাৰ পাচতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ এই আক্ৰমণত দুজনকৈ লোক আহত হোৱাত অঞ্চলটোৰ শতাধিক লোকে ডবকাৰ টোলগেটত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডবকাৰ টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি
ডবকাৰ টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি

ডবকা,23 মাৰ্চ: গাড়ী চালকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি ডবকা টোলগেটত মঙলবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বাহনত ফাষ্ট টেগ নলগোৱাৰ বাবে চালকক প্ৰহাৰৰ অভিযোগ টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে ৷ পূৰ্বতেও অনুৰূপ ঘটনা সংঘটিত হৈছিল টোলগেট খনত ৷ টোলগেটৰ কৰ্মচাৰীয়ে কেতিয়াবা যদি চালকক, আন কেতিয়াবা যাত্ৰীক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈ আহিছে দীৰ্ঘদিনৰ পৰা ৷ মঙলবাৰে আকৌ চালকক ৰড, বাঁহেৰে আক্ৰমণ কৰাৰ ঘটনাৰ পাচতে উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিৱেশ ৷ এই আক্ৰমণত দুজনকৈ লোক আহত হয়, যদিও দুয়োকে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ডবকাৰ টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, আক্ৰমণৰ ঘটনাৰ পাচতে সমগ্ৰ ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাৰ বাবে ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চ আৱদ্ধ হৈ পৰে ৷ স্থানীয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও, বাৰে বাৰে সংঘটিত হোৱা এনে ঘটনাৰ বাবে স্থানীয় লোকৰ লগতে দল-সংগঠনসমূহেও জাঙুৰ খাই উঠে ৷ ইফালে, বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে ৷ অঞ্চলটোৰ শ শ লোকে ডবকাৰ টোলগেটত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতে আৰক্ষীয়ে এজন কৰ্মচাৰীক আটক কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বলৱৎ কৰাৰ হুংকাৰ নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.