ETV Bharat / state

মৃত্যুদূতলৈ পৰিণত ৰেলপথঃ পুনৰ প্ৰাণ কাঢ়িলে বনৰীয়া হাতীৰ

author img

By

Published : Jan 25, 2020, 1:07 PM IST

Hojai Wild Elephant Run Over Between Lumding and Lamsakhang
মৃত্যুদূতলৈ পৰিণত ৰেলপথঃ পুনৰ প্ৰাণ কাঢ়িলে বনৰীয়া হাতীৰ

নামনিমুৱা আগৰতলা-হাওৰা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেল’ৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি লয় এজনী মাইকী হাতীয়ে ৷ আনহাতে গুৰুতৰভাৱে আহত হয় এটা হাতী পোৱালী ৷

হোজাই, 25 জানুৱাৰীঃ ৰেল’ৰ খুন্দাত পুনৰ মৃত্যু বনৰীয়া হাতীৰ ৷ শুকুৰবাৰে নিশা লামডিং আৰু লামচাখং ৰেল’ৱে ষ্টেচনৰ মাজভাগত ৰেল’ৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি লয় এটা বনৰীয়া হাতীয়ে ৷ উল্লেখ্য যে নামনিমুৱা আগৰতলা-হাওৰা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেল’ৰ খুন্দাত এজনী মাইকী হাতী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এটা পোৱালী হাতী ৷ ঘটনাৰ কিছুমুহূৰ্তৰ পিচতে লামডিং ৰেলৱেৰ উচ্চ পদস্থ বিষয়াসহ বন-বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোক উদ্ধাৰ কৰাৰ লগতে আহত পোৱালী হাতীটোক লামডিঙলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

মৃত্যুদূতলৈ পৰিণত ৰেলপথঃ পুনৰ প্ৰাণ কাঢ়িলে বনৰীয়া হাতীৰ

উল্লেখ্য যে পূৰ্বেতেও লামডিং আৰু লামচাখং ৰেল’ৱে ষ্টেচনৰ মাজত ৰেল’ৰ খুন্দাত কেইবাটাও বনৰীয়া হাতী নিহত হৈছে ৷ আনহাতে ৰেল’ৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু ৰোধ কৰাৰ বাবে লামডিং ৰেল বিভাগ তথা বন বিভাগে বহুতো সময়ত বৈঠকত মিলিত হৈছিল যদিও বাস্তৱত ৰেল বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে এই দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত ৷
আৰু পঢ়কঃহাউলীত চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত দুই

Intro:ৰাজ্যত ৰেলৰ খুন্দাত পুনৰ বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷ Body:ৰাজ্যত ৰেলৰ খুন্দাত পুনৰ বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷ শুক্ৰবাৰ ৰাতি লামডিং লামচাখং ৰেলৱে ষ্টেচনৰ মাজত ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়।
১৩১৭৬ নামনিমুৱা আগৰতলা হাওৰা কাঞ্চনজঙ্ঘা এস্কপ্ৰেছ ৰেলৰ খুন্দাত এজনী মাইকী হাতী মৃত্যু হোৱাৰ বিপৰীতে এটি পোৱালী হাতী গুৰুত্বৰভাৱে আহত হৈছে ৷ ৰাতি ঘটনাস্থীলৈ লামডিংৰ পৰা লামডিং ৰেলৱেৰ উচ্চ পদস্থ বিষয়া সহ বনবিভাগৰ দল ৰাওনা হৈ অঞ্চলটত ৰেল চলাচল স্বাভাৱিক কৰাৰ লগতে আহত পোৱালী হাটীটোক লামডিংলৈ চিকিৎসাৰ বাবে আনা হয়।
উল্লেখ যে পূৰ্বেত ও লামডিং লামচাখং ৰেলৱে ষ্টেচনৰ মাজত ৰেলৰ খুন্দাত বহুতো বনৰীয়া হাতীৰ মৃত্যু হৈচিল ।
ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু ৰোধ কৰাৰ বাবে লামডিং ৰেল বিভাগ তথা বন বিভাগে বহুতো সময়ত বৈঠকত মিলিত হৈছিল যদিও বাস্তৱত ৰেল বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈ পৰিছে বনৰীয়া হাতীৰ মৃত্যুৰ ক্ষেত্ৰত ৷
কাৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হল?
এনে দৰে চলিথাকিব নে
ৰাজ্যত ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু ? ৰাইজৰ মাজত এটা ডাঙৰ প্রশ্নৰ সৃষ্টি হয়ছে।


Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.