ETV Bharat / state

হাউলীত চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত দুই

author img

By

Published : Jan 24, 2020, 10:14 PM IST

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

Road Accident in Barpeta
হাউলীত চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত দুই

বৰপেটা, ২৪ জানুৱাৰী: বৰপেটাৰ হাউলীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বৰপেটাৰোডৰ পৰা পাঠশালা অভিমুখী এখন চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত হয় দুই মটৰ চাইকেল আৰোহীৰ ৷ নিহত লোক দুজন বৰপেটাৰ সৰভোগৰ শুকানজানি গাঁৱৰ নৰেন দাস আৰু ধনীৰাম দাস ৷

হাউলীত চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত দুই
দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকৰ চালকজনে পলায়ন কৰে ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS-17-2345 ৷ আনহাতে বাইকখনৰ নম্বৰ AS-01AQ-3275 ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ ৷

লগতে পঢ়কঃ শদিয়াত উগ্ৰপন্থীৰ সন্ধানত অসম আৰক্ষীৰ ব্যাপক অভিযান

Intro:
বৰপেটা, ২৪ জানুৱাৰীঃ বৰপেটাৰ হাউলীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দূৰ্ঘটনা ৷

ট্ৰাকৰ খুন্দাত দুই বাইক আৰোহী যুৱকৰ থিতাতে মৃত্যু ৷

মৃত দুই যুৱকৰ এজনৰ নাম নৰেন দাস (৪৫) ৷

আনজন যুৱকৰ নাম ধনীৰাম দাস ৷

দুয়োৰে ঘৰ বৰপেটাৰ সৰভোগৰ শুকানজানি গাৱত ৷

Body:বৰপেটাৰোডৰ পৰা পাঠশালা অভিমুখী চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত মৃত্যুমুখত পৰে দুই মটৰ চাইকেল আৰোহী ৷

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজকন্যা ঢাবাৰ সন্মুখত সংঘটিত হয় দূৰ্ঘটনাতো ৷

দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 17 2345.

আনহাতে বাইকখনৰ নম্বৰ AS 01 AQ 3275 .

দূৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকৰ চালকজনে পলায়ন কৰে ৷

ঘটনাস্থলীত তাতালিকে উপস্থিত হাউলী আৰক্ষী ৷

কি পৰিস্থিতিত দূৰ্ঘটনাটো সংঘটিত হ'ল এতিয়াও সবিশেষ জানিবপৰা হোৱা নাই ৷

এই ঘটনাটোক লৈ হাউলী আৰু সৰভোগ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷

৷৷
Conclusion:-- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.