ETV Bharat / state

হোজাইত হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড হত্যাকাৰী গুলজাৰক

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:31 PM IST

Sentenced to Life Imprisonment : হোজাইত পত্নীক হত্যা কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড গুলজাৰ হুছেইনক ৷ যাৱজ্জীৱন সশ্রম কাৰাদণ্ডৰ লগতে ১০ হেজাৰ টকা জৰিমনা ৷

Hojai Man Sentenced to Life Imprisonment
যাৱজ্জীৱন সশ্রম কাৰাদণ্ড

হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি

হোজাই, 21 ডিচেম্বৰ : হোজাইত হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড এটা অপৰাধীক ৷ হোজাই জিলাৰ লংকাত পিতৃ গৃহতে পত্নীক নৃশংসভাৱে হত্যা কৰা এগৰাকী ঘাতক স্বামীক বৃহস্পতিবাৰে আদালতে দোষী সাব্যস্ত কৰি যাবজ্জীবন সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে 10 হাজাৰ টকাৰ জৰিমনা বিহে ৷ হত্যাকাৰী অপৰাধীটোৰ নাম গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷

পত্নী হত্যাকাৰী গুলজাৰ হুছেইনৰ বিৰুদ্ধে আজি হোজাই অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালতে এই ৰায়দান প্ৰদান কৰে ৷ 2022 চনৰ 3 অক্টোবৰত লংকা থানাৰ অধীনৰ 2 নং পাঞ্চালী গাঁৱত সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷ 5 বছৰৰ পূৰ্বে লংকাৰ ডাবলঙৰ গুলজাৰ হুছেইনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰেহেনা ইয়াচমিন ৷ বিয়াৰ পিছৰে পৰা ৰেহেনা ইয়াচমিনক স্বামীগৃহত, স্বামীৰ লগতে শাহু আৰু শহুৰেকে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল ৷ ফলত পিতৃগৃহলৈ লৈ আনিছিল এটি কন্যা সন্তানৰ মাতৃ ৰেহেনা বেগমক ৷

হত্যাকাণ্ডৰ আগদিনা গুলজাৰ হুছেইনে শহুৰেকৰ ঘৰলৈ আহি নিশা কটাইছিল ৷ নিশা সকলো টোপনি যোৱাৰ পাছতে গুলজাৰে শোৱাপাটীতে পত্নী ৰেহেনা য়াচমিনক হত্যা কৰি পলাই গৈছিল ৷ এই বিষয়ে ৰেহেনা য়াচমিনৰ পিতৃ কাজিম উদ্দিনে দাখিল কৰা এজাহাৰৰ ভিত্তিত লংকা আৰক্ষীয়ে 302 ধাৰাত, 412/22 নম্বৰত এক গোচৰ ৰুজু কৰিছিল ৷ গোচৰৰ ভিত্তিত ক্ষিপ্ৰতাৰে তদন্ত চলাই হত্যাকাৰী গুলজাৰ হুছেইনক কৰায়ত্ত কৰি আদালতত গোচৰৰ অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে ৷

আদালতে 10 জনৰ সাক্ষীবাদী গ্ৰহণৰ অন্তত আজি গোচৰৰ (ছেছন নং (1/7/23) ৰায়দানত যাবজ্জীবন সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে 10 হাজাৰ টকা জৰিমনা বিহে গুলজাৰক ৷ ভুক্তভোগীৰ হৈ চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়াই আদালতত যুক্তি দর্শায় ৷ গোচৰটোত আৰক্ষীৰ তদন্তকাৰী বিষয়া হিচাপে আছিল এছ আই বিজয়কৃষ্ণ নাথ আৰু কীৰ্তিনাথ চেতিয়া ৷

লগতে পঢ়ক : অস্ত্ৰোপচাৰেৰে কাণত মাইক্ৰ’ফোন সংস্থাপন : আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ভুৱা পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.