ETV Bharat / state

AIUDF criticized Congress and BJP; কংগ্ৰেছ বিজেপিৰ B Team: বদৰুদ্দিন আজমল

author img

By

Published : Aug 19, 2023, 12:26 PM IST

AIUDF criticized Congress and BJP
বিজেপি চৰকাৰে ৰাইজৰ কথা চিন্তা নকৰে : বদৰুদ্দিন আজমল

হোজাইত আয়োজন কৰা হয় AIUDF ৰ দলীয় কৰ্মশালা ৷ এই কৰ্মশালাতে কংগ্ৰেছক বিজেপিৰ B Team বুলি আখ্যা দিয়ে বদৰুদ্দিন আজমলে ।

বিজেপি চৰকাৰে ৰাইজৰ কথা চিন্তা নকৰে : বদৰুদ্দিন আজমল

হোজাই, 19 আগষ্ট : ‘‘আসন্ন লোকসভা নিৰ্বাচনত আমি অসমত তিনিখন আসনত জয়ী হ'ম । বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে মূল্যবৃদ্ধি । অসমত বিজেপি চৰকাৰে মূল্যবৃদ্ধি কৰিছে ৷ বিজেপি চৰকাৰে ৰাইজৰ কথা চিন্তা নকৰে । সেয়েহে অহা নিৰ্বাচনত ৰাইজে অসমৰ পৰা বিজেপিক বিদায় দি পৰিৱৰ্তন আনিব লাগিব’’ । এই মন্তব্য AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ৷

AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে কয়, ‘‘বর্তমান ভূপেন বৰাৰ লগতে অসম কংগ্ৰেছ নিমাত হৈ আছে ৷ কংগ্ৰেছ দলে বিজেপিৰ B Team হৈ কাম কৰি আছে । আমি ধুবুৰী, নগাঁও কৰিমগঞ্জত জিকিম’’ ।

উল্লেখ্য যে, শুক্ৰবাৰে নিশা হোজাইৰ AIUDF ৰ কাৰ্যালয়ত নগাঁও আৰু কলিয়াবৰ সংসদীয় সমষ্টি ভিত্তিত আয়োজন কৰা হয় এক দলীয় কর্মশালা ৷ বিধায়ক তথা অধিবক্তা আমিনুল ইছলামৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল ।

এই সভাতে সংবাদ মাধ্যমৰ আগত দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কয়, ‘‘অহা নিৰ্বাচনত তিনিটা লোকসভা সমষ্টিত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম আৰু তিনিওটা সমষ্টিত এ আই ইউ ডি এফৰ সাংসদ জয়ী হ’ব’’ ।

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আজমলে কয়, ‘‘আমাৰ AIUDF দলে সমষ্টি পুনৰ নিৰ্ধাৰণক বিৰোধিতা কৰিছো ৷ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো আইনলৈ পৰিণত হৈছে ৷ সেয়ে এই সন্দৰ্ভত আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম’’ । এই সভাতে সাংসদ বদৰুদ্দিন আজমলে মিত্ৰতা সন্দৰ্ভতো কেতবোৰ মন্তব্য প্ৰদান কৰে ৷

ইফালে শুকুৰবাৰে আয়োজিত AIUDF ৰ এই দলীয় সভাত হোজাইৰ বিভিন্ন দলৰ পৰা অহা 13 গৰাকী পুৰুষ-মহিলাই AIUDF ত যোগদান কৰে ৷ নতুকৈ AIUDF ত যোগদান সকলোকে সাংসদ বদৰুদ্দিন আজমলে একোখন ফুলাম গামোচাৰে আদৰণি জনায় ।

অৱশ্যে সভাৰ আৰম্ভণিতে মৰিগাঁও জিলাৰ দলৰ সভাপতিগৰাকীক গামোচাৰে সম্বৰ্ধনা নকৰাক কেন্দ্ৰ কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় যদিও পৰৱৰ্তী সময়ত শাম কাটে পৰিস্থিতি ৷

লগতে পঢ়ক : Naga peace dialogue resumes : ২১ আগষ্টত কেন্দ্ৰৰ সৈতে বৈঠক; আজি নতুন দিল্লীত উপস্থিত হ’ব NSCN ৰ ৭ জনীয়া দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.