ETV Bharat / state

Naga peace dialogue resumes : ২১ আগষ্টত কেন্দ্ৰৰ সৈতে বৈঠক; আজি নতুন দিল্লীত উপস্থিত হ’ব NSCN (IM) ৰ ৭ জনীয়া দল

author img

By

Published : Aug 19, 2023, 11:41 AM IST

Updated : Aug 19, 2023, 3:41 PM IST

Naga peace process
দিল্লীত উপস্থিত হ’ব NSCN (IM) ৰ দল

২১ আগষ্টত কেন্দ্ৰৰ সৈতে এক বৈঠকত মিলিত হ’ব এন এছ চি এন আই এমৰ এটা দল ৷ এই দলটোত আছে ৭ জন লোক ৷ যাৰ বাবে এই এন এছ চি এনৰ ৭ জনীয়া দলটো আজি নতুন দিল্লীত উপস্থিত হ’ব ।

তেজপুৰ, ১৯ আগষ্ট : বহু অপেক্ষিত নগা শান্তি চুক্তি চুড়ান্ত কৰাৰ দিশে পৰৱৰ্তী পদক্ষেপ হিচাপে আজি অৰ্থাৎ শনিবাৰে নতুন দিল্লীত উপস্থিত হ’ব এন এছ চি এন (আই এম)ৰ এটা দল । এই দলটোৱে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা নতুন দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিব ৷ থুইংগালেংগ মুইভাৰ নেতৃত্বত নতুন দিল্লীলৈ ৰাওনা হ’ব লগা দলটোত আছে নগা বিদ্ৰোহী গোটটোৰ প্ৰায় ৭ জন শীৰ্ষ নেতা ৷ এই বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই তথ্য ৷ বিশেষ সূত্ৰটোৰ মতে এইবাৰ অনুষ্ঠিত হ’ব লগীয়া এই বৈঠকৰ বিষয়ে কোনো মতামত ব্যক্ত কৰাৰ বিৰত আছে এন এছ চি এন (আই এম) ।

কেন্দ্ৰীয় চৰকাৰৰ লগত এন এছ চি এন (আই এম) এ সোমবাৰ অৰ্থাৎ ২১ আগষ্টৰ দিনা নগা শান্তি চুক্তিৰ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব । অহা ২১ আগষ্টত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় নগা বিদ্ৰোহী সংগঠন নেশ্য’নেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (ইশ্বাক মুইভা) গোটৰ লগত জৰুকালীন আলোচনাত বহিব । এই বিষয়ে অলপতে যোৱা 14 আগষ্টত নগা স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত এন এছ চি এন (আই এম) ৰ সাধাৰণ সম্পাদক টি এইচ মুইভায়ে তেওঁৰ ভাষণত উল্লেখ কৰে ।

২০১৫ চনত নগা ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰা হয় । সুদীৰ্ঘ ১৮ বছৰীয়া ৰাজনৈতিক আলোচনাৰ অন্তত এন এছ চি এনে কেন্দ্ৰীয় চৰকাৰৰ লগত ২০১৫ চনৰ ৩ আগষ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ লগত ঐতিহাসিক নগা ফ্ৰেম ৱৰ্ক চুক্তিত স্বাক্ষৰ কৰে । ২০১৭ চনৰ ডিচেম্বৰ মাহত আন আন নগা বিদ্ৰোহী গোটৰ উমৈহতীয়া মঞ্চ নগা নেশ্যনেল পলিটিকেল গ্ৰুপৰ সৈতে agreed position চুক্তিৰ স্বাক্ষৰ কৰা হয় ।

২০২০ চনত মুইভাই মুকলিকৈ নগা চুক্তিৰ পৰৱৰ্তী আলোচনা ভাৰতৰ বাহিৰত অনুষ্ঠিত কৰাৰ পোষকতা প্ৰকাশ কৰিছিল ৷ তাৰ পিচত তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰবিৰ নেতৃত্বত এই আলোচনা হৈছিল ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাবে নিযুক্তি দিয়ে ।

আৰ এন ৰবিৰ প্ৰস্থানৰ পিচত বৰ্তমান এ কে মিশ্ৰই ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠনৰ মাজৰ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে আলোচনা আগবঢ়াই নিছে ৷

লগতে পঢ়ক : Controversy over land lease of Amguri Bhawan; আমগুৰিৰ উন্নয়নমূলক কাম-কাজত একাংশ লোকে বাধাৰ সৃষ্টি কৰি আহিছে : প্ৰদীপ হাজৰিকা

Last Updated :Aug 19, 2023, 3:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.