ETV Bharat / state

AIUDF chief Badruddin Ajmal: তিনিটা সমষ্টিত লোকসভা নিৰ্বাচন খেলিব এ আই ইউ ডি এফে

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:21 PM IST

AIUDF chief Badruddin Ajmal
AIUDF chief Badruddin Ajmal

অহা লোকসভা নিৰ্বাচনত তিনিটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে এ আই ইউ ডি এফ ৷ ইতিমধ্যে নিশ্চিত হৈছে দুগৰাকী প্ৰাৰ্থীৰ নাম ৷ হোজাইত জনালে দলৰ মুৰব্বী বদৰুদ্দিন আজমলে ৷

তিনিটা সমষ্টিত লোকসভা নিৰ্বাচন খেলিব এ আই ইউ ডি এফে

হোজাই, 31 অক্টোবৰ: 2024 ৰ লোকসভা নিৰ্বাচনলৈ সাজু হৈছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল ৷ এই সন্দৰ্ভত আজমলে কয় যে অসমৰ তিনিটা সমষ্টিত প্ৰাৰ্থী দিব AIUDF এ ৷ তাৰে দুটা সমষ্টিৰ এটা বদৰুদ্দিন আজমলে নিজে আৰু আনটোত চিৰাজুদ্দিন আজমলে খেলিব ৷ বাকী এটা সমষ্টিৰ বাবে প্ৰাৰ্থী বিবেচনা কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷

নগাঁও সমষ্টিৰ প্ৰাৰ্থী সন্দৰ্ভত তেওঁ চিৰাজুদ্দিন আজমলৰ নামটো পোনপটীয়াকৈ নকলেও আওঁপকীয়াকৈ চিৰাজুদ্দিন আজমলে খেলাটো এক প্ৰকাৰৰ নিশ্চিত বুলি তেওঁৰ বক্তব্যৰ পৰা জানিব পৰা গৈছে ৷ আনহাতে দলীয় বিসম্বাদ সন্দৰ্ভত তেওঁ কয় যে দলত কোনো বিসম্বাদ নাই ৷ আমিনুল ইছলাম আৰু জেহিৰুল ইছলামতকৈ নগাঁৱত চিৰাজুদ্দিন আজমলে ডেৰৰ পৰা দুই লাখ ভোট বেছি পাব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে ৷

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ED এ চমন জাৰি কৰাক লৈ এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আজমলে কয় যে পূৰ্বে আপৰ নেতা মনীষ ছিছোদিয়াক, তাৰ পাছত সংসদ সঞ্জয় সিং গ্ৰেপ্তাৰ কৰিলে ৷ এতিয়া অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব ৷ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে ভাল নহয় ৷ ইয়াৰ পাছত আৰু কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰে ৷ আপৰ নেতা সঞ্জয় সিং খুবেই ভাল মানুহ বুলি মন্তব্য আজমলৰ ৷

আনহাতে মমতা বেনাৰ্জী সন্দৰ্ভত তেওঁ কয় যে মমতা ভয় কৰা নেত্ৰী নহয় ৷ যিমানেই কেন্দ্ৰীয় চৰকাৰে ভয় নেদেখুৱাক মমতা ভয় কৰা বিধৰ নহয় ৷ অহা পাঁচ ৰাজ্যৰ নিৰ্বাচনত I.N.D.I.A. ৰ জয় হ’ব বুলি দাবী কৰে আজমলে ৷ তেওঁ কয় যে I.N.D.I.A. জিকিবই সেয়া নিশ্চিত ৷

লগতে পঢ়ক: Bhupen Bora on Lok Sabha election:বিৰোধী ঐক্যই কিমান আসন লাভ কৰিব,৩ ডিচেম্বৰত হ’ব ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.