Bhupen Bora on Lok Sabha election:বিৰোধী ঐক্যই কিমান আসন লাভ কৰিব,৩ ডিচেম্বৰত হ’ব ঘোষণা

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 5:05 PM IST

thumbnail

মৰাণ, ৩১ অক্টোবৰ: আগন্তুক লোকসভা নিৰ্বাচনত শাসক দল বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দল সমূহে একত্ৰিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত হৈছে । ইয়াৰ পাছতে বিৰোধী ঐক্যবদ্ধ দল সমূহে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে সাংগঠনিক কামকাজ । ইয়াৰ মাজতে আজি চৰাইদেউ জিলাৰ সোণাৰিত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমত লোকসভা নিৰ্বাচনত সকলো বিৰোধী দলে একত্ৰিতভাৱে ১৪ খন আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য় কৰে ।  

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়," অহা ৩ ডিচেম্বৰত পুৱা ১১:৩০ বজাত আমি আপোনালোকক জনাম কেইখন আসনত জয়ী হম ।" তেওঁ পুনৰ কয় যে অসমত থকা ৰাষ্ট্ৰীয় দল সমূহৰ প্ৰতিনিধিসকলে দিল্লীত দলীয় নেতৃত্বৰ লগত আসনৰ সংখ্যা চূড়ান্ত কৰিব । ইপিনে,আপৰ ৰাজ্য়িক আহ্বায়ক ডাঃ ভৱেন চৌধুৰীয়ে পাঁচ সমষ্টিত নিজাকৈ প্ৰাৰ্থী আগবঢ়োৱা প্ৰসংগত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কোনো মন্তব্য় আগবঢ়োৱাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক:DGP GP Singh: আমাৰ ল’ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে; আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.