DGP GP Singh: আমাৰ ল’ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে; আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 12:32 PM IST

Updated : Oct 31, 2023, 1:42 PM IST

thumbnail

গুৱাহাটী, 31 অক্টোবৰ: আলফা (স্বাঃ) ক সংবাদ মাধ্যমযোগে হুংকাৰ প্ৰদান কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ আলফা (স্বাঃ) এ অসম আৰক্ষী সন্দৰ্ভত আগবঢ়োৱা শেহতীয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, "আলফাই মোক সমালোচনা কৰক, মোৰ তাত আপত্তি নাই, কিন্তু অসম আৰক্ষীক অশ্লীল শব্দৰে অপমান কৰিছে । প্ৰায় 41 জন লোকক আলফাই মৃত্যুদণ্ড দিছে ৷ উক্ত তালিকা আমাৰ হাতত আছে । যিসকলক মৃত্যুদণ্ড দিছে তেওঁলোকে প্ৰত্যেকেই খিলঞ্জীয়া ।"

এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া আগবঢ়ায় সিঙে তেওঁ নিজে উক্ত বিষয়বোৰত মাত নামতিলে কোনে মাতিব বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, "আমাৰ ল'ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে । অসমত বহুত উন্নয়ন হৈ আছে ৷ ইয়াত থাকিলে সকলোৰে উন্নতি হ'ব । অসম আৰক্ষী সংস্কাৰৰ বাবে আমি বহুত কষ্ট কৰিছো । যিসকলে ভাল কাম কৰিছে তেওঁলোকক আমি পুৰস্কৃত কৰিছো । যিসকলে বেয়া কাম কৰিছে তেওঁলোকক আমি উচিত শাস্তি প্ৰদান কৰিছো ।"

শাস্তি সন্দৰ্ভত অধিক তথ্য দি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বৰ্তমানলৈ 50 জন লোকক আৰক্ষী বিভাগৰ পৰা অসম আৰক্ষীৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । 

লগতে পঢ়ক: Congress vs BJP : বিজেপি চৰকাৰেহে চাহ শ্ৰমিকৰ কল্যাণ সাধিছে, বিজেপি নেতা দুলেন নায়ক

Last Updated : Oct 31, 2023, 1:42 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.