9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 30, 2021, 9:03 AM IST

TOP 10 AT 9 AM

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

ভদীয়া বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

সম্প্ৰতি ভদীয়া বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ উদ্যান খনৰ ৭৫% অঞ্চল এতিয়া বাঢ়নী পানীয়ে বুৰাই পেলাইছে ।

কিয় বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী বিৰোধী দলপতিৰ ?

দেওবাৰে এক সংবাদমেল আয়োজন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভতো চৰকাৰক তীব্ৰভাৱে কটাক্ষ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

AIUDF ৰ কথা শুনি হাঁহি ৰখাব নোৱাৰা হৈছে দেৱব্ৰত শইকীয়াই !

এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা বাহাল থাকিব নে নাথাকে সেই বিষয়ে কংগ্ৰেছ দলৰ আগন্তুক ক'ৰ কমিটিৰ বৈঠকত আলোচনা কৰি এক চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ৷ সংবাদমেলত এই কথা জনালে দেবব্ৰত শইকীয়াই ৷

গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুটাকৈ দুধৰ্ষ ডকাইত

গোৱালপাৰা এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদমেল। আৰক্ষীৰ এনকাউণ্টাৰত দুটা ডকাইত নিহত হোৱাৰ লগতে গুৰুতৰভাৱে গুলীবিদ্ধ আন এটা ডকাইত ৷

অসম বন বিদ্যালয়ত গঁড়ৰ খৰ্গ বিনষ্টকৰণ সন্দৰ্ভত ৰাজহুৱা শুনানী গ্ৰহণ

বন বিভাগৰ মুখ্য বন্যপ্ৰাণী অধীক্ষক তথা গঁড়ৰ খৰ্গ বিনষ্টকৰণৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ এম কে যাদৱৰ নেতৃত্বত অনুষ্ঠিত ৰাজহুৱা শুনানী যোগে ৰাজ্যত বিগত চাৰিটা দশকত জব্দ তথা উদ্ধাৰ কৰা গঁড়ৰ আঢ়ৈ হাজাৰ খৰ্গৰ উপৰি আন জন্তুৰ অংগ ধ্বংস কৰাৰ বাবে বন আৰু পৰিৱেশ বিভাগে উদ্যোগ গ্ৰহণ কৰিছে ।

জোনাইত বানৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চল

কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং, ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ জলপৃষ্ঠ ওফন্দি বাঢ়নী পানীয়ে বুৰাই পেলাইছে জোনাই ৰাজহ চক্ৰৰ চিলে গাঁও পঞ্চায়তৰ কবুচাপৰিৰ বৃহত্তৰ অঞ্চল ৷

30 ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতলৈ নচলে আন্তৰ্জাতিক বাণিজ্যিক বিমান

ক'ভিডসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ভাৰতলৈ আন্তৰ্জাতিক বিমান চলাচলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ সময়সীমা বৃদ্ধি ৷ 30 ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতলৈ বা ভাৰতৰ পৰা কোনো ধৰণৰ আন্তৰ্জাতিক বাণিজ্যিক বিমানৰ চলাচল নহয় ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

পুনৰ বিস্ফোৰণত কঁপি উঠিল কাবুল

কাবুল বিমানবন্দৰৰ কাষত পুনৰ বিস্ফোৰণৰ ঘটনা ৷ কাবুলৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উত্তৰ-পশ্চিম অঞ্চলত US evacuationৰ মাজতে সংঘটিত হৈছে এক ৰকেট আক্ৰমণ ৷

জনা-নজনা : বিমানৰ বাহিৰত সঁচাকৈ ওলমি যাব পাৰি নে ?

তালিবানে আফগানিস্তান দখলৰ পাছত সমগ্ৰ বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছিল ৷ আফগানিস্থানত 90 দশকৰ পৰিস্থিতি/S পুনৰ বিৰাজ কৰাৰ আশংকাত ৰাষ্ট্ৰখনৰ পৰা পলায়নৰ বাবে বিমান বন্দৰত সহস্ৰাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

Tokyo Paralympics: পুৰুষৰ হাই জাম্পত নিশাদ কুমাৰৰ ৰূপৰ পদক দখল

চলিত Tokyo Paralympicsত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক লাভ কৰি অভিলেখ গঢ়িলে নিশাদ কুমাৰে ৷ T47 ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে নিশাদ কুমাৰে ৷ এই সফলতাৰ জৰিয়তে নিশাদে নতুন এছিয়ান অভিলেখ গঢ়িবলৈও সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.