কিয় বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী বিৰোধী দলপতিৰ ?

author img

By

Published : Aug 29, 2021, 10:46 PM IST

বিধানসভাৰ বিশেষ অধিবেশন দাবী বিৰোধী দলপতিৰ, কিন্তু কিয় ?

দেওবাৰে এক সংবাদমেল আয়োজন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভতো চৰকাৰক তীব্ৰভাৱে কটাক্ষ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

গুৱাহাটী , ২৯ আগষ্ট : নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিভীষিকা আৰু অসমত নাৰী সুৰক্ষাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰিবলৈ অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী তুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

কিয় বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী কৰিলে বিৰোধী দলপতিয়ে ?

দেওবাৰে দিছপুৰত এখন সংবাদমেলত ভাগ লৈ বিৰোধী দলপতিগৰাকীয়ে কয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ অসমত যেতিয়া ব্যাপক আন্দোলন চলিছিল, সেই সময়তে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে এই প্ৰকল্পই অসমত কৰিব পৰা ক্ষয়-ক্ষতিৰ বিষয়টো পৰ্যালোচনা কৰিবলৈ এখন সমিতি গঠন কৰি দিছিল ।

সেই সমিতিয়েও চিডি থাট্টে আৰু ৰেড্ডী সমিতিৰ পৰামৰ্শ মানিবলৈ কৈছিল আৰু সেই স্থানত বান্ধ নিৰ্মাণ নকৰাৰ পৰামৰ্শ দিছিল । কিন্তু পৰবৰ্তী সময়ত দিল্লীক ভালৰি বোলাবলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে এনএইচপিছিৰ সৈতে চুক্তি স্বাক্ষৰ কৰি বান্ধ নিৰ্মানত সেউজ সংকেত দিলে ।

লগতে পঢ়কঃ হেৰাই যাব নেকি সাউদ ভোলানাথ বৰুৱাৰ স্মৃতি ?

আজিৰ তাৰিখত নদীবান্ধ অসমৰ বাবে এক ডাঙৰ সমস্যা । গতিকে বৃহৎ নদীবান্ধৰ বিষয়টোৰ লগতে অসমত নাৰী সুৰক্ষাৰ বিষয়টোও গুৰুত্ব সহকাৰে আলোচনা কৰিবলৈ বিৰোধী দলপতি গৰাকীয়ে বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ দাবী জনায় । বিৰোধী দলপতি গৰাকীয়ে কয় যে, এইখন চৰকাৰৰ দিনত ৰাজ্যত নাৰী অসুৰক্ষিত হৈছে । বিগত পাঁচ বছৰত অসমত নাৰীজনিত অপৰাধ ভয়ংকৰভাৱে বৃদ্ধি পাইছে ।

২০২০ চনত ৰাজ্যত সৰ্বমুঠ ১,২১,৬০৯ টা এনে অপৰাধ সংঘটিত হৈছে । গড়ে ৰাজ্যত প্ৰতিদিনে ৯ টাকৈ এনে অপৰাধ সংঘটিত হৈ আহিছে । নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম আছে ষষ্ঠ স্থানত । অসমৰ প্ৰতিটো মহকুমাতে একোখনকৈ মহিলা থানা স্থাপনৰ বাবেও বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দাবী জনায় ৷

আনহাতে, চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে শক্তিশালী আৰু দৃঢ় পদক্ষেপ নোলোৱাৰো অভিযোগ তোলে বিৰোধী দলপতি গৰাকীয়ে । একেদৰে শাসকীয় পক্ষৰ একাংশ লোক জড়িত হৈ থকাৰ বাবেই এতিয়াও কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই বুলিও তেওঁ অভিযোগ কৰে ।

লগতে পঢ়কঃ মুছলমান সমাজত প্ৰচলিত একাংশ নীতিক গোড়ামি আখ্যা দিলে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.