AIUDF ৰ কথা শুনি হাঁহি ৰখাব নোৱাৰা হৈছে দেৱব্ৰত শইকীয়াই !

author img

By

Published : Aug 29, 2021, 10:00 PM IST

এআইইউডিএফৰ কথা শুনি হাঁহি ৰখাব নোৱাৰা হৈছে দ্ৰেৱব্ৰত শইকীয়াই

এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা বাহাল থাকিব নে নাথাকে সেই বিষয়ে কংগ্ৰেছ দলৰ আগন্তুক ক'ৰ কমিটিৰ বৈঠকত আলোচনা কৰি এক চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ৷ সংবাদমেলত এই কথা জনালে দেবব্ৰত শইকীয়াই ৷

গুৱাহাটী, 29 আগষ্ট : এআইইউডিএফৰ কথা শুনি হেনো হাঁহি ৰখাব নোৱৰা অৱস্থা হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । দেওবাৰে এই কথা জানিবলৈ দি বিৰোধী দলপতি গৰাকীয়ে কয় যে, এআইইউডিএফৰ এগৰাকী বিধায়কে অলপতে মন্তব্য কৰিছে যে, কংগ্ৰেছে এআইইউডিএফৰ সৈতে মিত্ৰতা কৰাৰ বাবেহে বোলে উজনিত আসন পাইছিল । এয়া এক কৌতুক নহয়নো কি বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ।

আনহাতে, এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা বাহাল থাকিব নে নাথাকে সেই বিষয়ে কংগ্ৰেছ দলৰ আগন্তুক ক'ৰ কমিটিৰ বৈঠকত আলোচনা কৰি এক চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ কয় ।

এআইইউডিএফৰ কথা শুনি হাঁহি ৰখাব নোৱাৰা হৈছে দ্ৰেৱব্ৰত শইকীয়াই

লগতে পঢ়কঃ মুছলমান সমাজত প্ৰচলিত একাংশ নীতিক গোড়ামি আখ্যা দিলে কোনে ?

দেওবাৰে দিছপুৰত এখন সংবাদমেলত ভাগ লৈ বিৰোধী দলপতি গৰাকীয়ে আৰু কয় যে, আগন্তুক উপ নিৰ্বাচন সমূহত কংগ্ৰেছ দলে অকলেই অৱতীৰ্ণ হোৱাটোৱেই তেওঁ বিচাৰে । পূৰ্বতেও কাৰো সহায় নোলোৱাকৈয়ে কংগ্ৰেছ নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে আৰু জয়ীও হৈছে ।

উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি সমূহৰ তৃণমূল কংগ্ৰেছ কৰ্মী সকলেও কংগ্ৰেছে এককভাবেই উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰিছে বুলি তেওঁ কয় । আনহাতে, অখিল গগৈয়ে দিল্লীত বাহৰ পাতি কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰিবলৈ অপেক্ষা কৰি থকা বিষয়ে তেওঁ অৱগত নহয় বুলিও মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে ।

একেদৰে দেওবাৰে দিল্লীত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে অখিল গগৈয়ে কি আলোচনা কৰিলে সেই বিষয়ে বিধায়ক গগৈয়ে নিশ্চয় ৰাজহুৱা কৰিব বুলি তেওঁ আশাবাদী বুলিও দেৱব্ৰত শইকীয়াই মন্তব্য কৰে ।

লগতে পঢ়কঃ বহিঃৰাজ্যত সন্ধানহীন অসমৰ এগৰাকী ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.