জোনাইত বানৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চল

By

Published : Aug 29, 2021, 9:21 PM IST

thumbnail

কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং, ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ জলপৃষ্ঠ ওফন্দি বাঢ়নী পানীয়ে বুৰাই পেলাইছে জোনাই ৰাজহ চক্ৰৰ চিলে গাঁও পঞ্চায়তৰ কবুচাপৰিৰ বৃহত্তৰ অঞ্চল ৷ কবুচাপৰিৰ ১ নং আৰু ২ নং ৱাৰ্ড মালভোগ, শান্তিপুৰ, ৰাভা কাঠনি, সোণোৱাল কাঠনিত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF য়ে ৷ উল্লেখ্য যে, নদীদ্বীপ কবুচাপৰিৰ পৰা প্ৰায় ৯০ গৰাকী লোকক জোনাই প্ৰশাসনে SDRFৰ জৰিয়তে উদ্ধাৰ চলাই জোনাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ পাতি ৰখা ব্যৱস্থা কৰিছে ৷ উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত দুগৰাকী গৰ্ভৱতী আৰু এজন অসুস্থ লোক আছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.