Tokyo Paralympics: পুৰুষৰ হাই জাম্পত নিশাদ কুমাৰৰ ৰূপৰ পদক দখল

author img

By

Published : Aug 29, 2021, 9:31 PM IST

Nishad Kumar wins silver in High Jump T47 at Tokyo Paralympics

চলিত Tokyo Paralympicsত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক লাভ কৰি অভিলেখ গঢ়িলে নিশাদ কুমাৰে ৷ T47 ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে নিশাদ কুমাৰে ৷ এই সফলতাৰ জৰিয়তে নিশাদে নতুন এছিয়ান অভিলেখ গঢ়িবলৈও সক্ষম হয় ৷

স্পৰ্টছ ডেস্ক , 29 আগষ্ট : Asian recordৰ প্ৰচেষ্টাৰে টকিঅ'ত অনুষ্ঠিত পেৰালিম্পিকত পুৰুষৰ হাই জাম্প(men's high jump)ত ভাৰতৰ নিশাদ কুমাৰে(Nishad Kumar) T47 ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে ৷ 2.6 মিটাৰ উচ্চতাত জাপ মাৰি নিশাদে ভাৰতৰ বাবে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে এছিয়ান অভিলেখ গঢ়ে ৷

আমেৰিকাৰ Dallas Wisekকো ৰূপৰ পদক প্ৰদান কৰা হয় ৷ কিয়নো নিশাদ(Nishad) আৰু Dallas দুয়ো 2.06 মিটাৰ উচ্চতাৰ জাপ মাৰে ৷ অন্য এজন আমেৰিকান Roderick Townsendএ 2.15 মিটাৰ উচ্চতাৰ বিশ্ব ৰেকৰ্ড কৰি স্বৰ্ণ জয় কৰে ৷

ইফালে দেওবাৰে মহিলাৰ একক টেবুল টেনিছ class 4 ইভেণ্ট(women's singles table tennis class 4 event)ত ভাৰতৰ ভৱিনাবেন পেটেল(Bhavinaben Patel)এ ৰূপৰ পদক অৰ্জন কৰাৰ পাচতে নিশাদৰ বিজয়ে ভাৰতৰ বাবে দ্বিতীয়টো পদক লৈ আনে ৷ ইফালে নিশাদৰ বিজয়ৰ সমান্তৰালকৈ Discus thrower বিনোদ কুমাৰে(Vinod Kumar)এ ভাৰতৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷

লগতে পঢ়ক : Tokyo Paralympics: টেবুল টেনিছত পদক জয়েৰে ইতিহাস ৰচনা ভৱিনাৰ

পুৰুষৰ হাই জাম্প ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ভাৰতীয় পেৰালিম্পিক কমিটিৰ (Paralympic Committee of India) সভাপতি দীপা মালিকে নিশাদ কুমাৰক অভিনন্দন জনায় ৷ PCIএ শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দীপাই নতুন এছিয়ান অভিলেখ গঢ়াৰ লগতে ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে নিশাদক অভিনন্দন জ্ঞাপন কৰে ৷

ইফালে দিনটোৰ আৰম্ভণিতে ভাৰতৰ para table tennis খেলুৱৈ ভৱিনাই চীনৰ Zhou Yingক 3-0ত পৰাস্ত কৰি ৰূপৰ পদক দখল কৰে ৷ এই ৰূপৰ পদক লাভ কৰাৰ লগে লগে ভৱিনা হৈ পৰে ভাৰতৰ হৈ পেৰালিম্পিকত পদক অৰ্জন কৰা প্ৰথমগৰাকী টেবুল টেনিছ খেলুৱৈ ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকী কিংবদন্তি ধ্যান চান্দক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.