পুনৰ বিস্ফোৰণত কঁপি উঠিল কাবুল

author img

By

Published : Aug 29, 2021, 8:30 PM IST

rocket attack near kabul airport

কাবুল বিমানবন্দৰৰ কাষত পুনৰ বিস্ফোৰণৰ ঘটনা ৷ কাবুলৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উত্তৰ-পশ্চিম অঞ্চলত US evacuationৰ মাজতে সংঘটিত হৈছে এক ৰকেট আক্ৰমণ ৷ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Hamid Karzai International Airport)ৰ কাষত সংঘটিত হৈছে এই বিস্ফোৰণ ৷

ইণ্টাৰনেশ্যনেল ডেস্ক , 29 আগষ্ট : আফগানিস্তানৰ ৰাজধানী কাবুলত পুনৰ ভয়াবহ বিস্ফোৰণ ৷ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে(US President Joe Biden) কাবুল বিমানবন্দৰ(Kabul airport)ত সন্ত্ৰাসবাদীয়ে পুনৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰাৰ সময়তে হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Hamid Karzai International Airport)ৰ কাষত বিস্ফোৰণটো সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ৷

আফগান আৰক্ষী(Afghan police)ৰ এজন বিষয়াই জানিবলৈ দিয়া মতে কাবুলৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উত্তৰ-পশ্চিম অঞ্চলত US evacuationৰ মাজতে এক ৰকেট আক্ৰমণ সংঘটিত হৈছে আৰু এই আক্ৰমণত এটি শিশুৰ মৃত্যু হৈছে ৷ কাবুলৰ আৰক্ষী প্ৰধান ৰছিদে জানিবলৈ দিয়া মতে, দেওবাৰে আবেলি এই ৰকেট আক্ৰমণ সংঘটিত হয় ৷ অৱশ্যে, তাৎক্ষণিকভাৱে কোনো গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷

লগতে পঢ়ক : কাবুল বিমানবন্দৰত পুনৰ আক্ৰমণৰ আশংকা

এই ভয়াবহ ৰকেট আক্ৰমণ(Rocket attack) ISIS-Kৰ দ্বাৰা সংঘটিত কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ অতি শেহতীয়াকৈ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে এনে এক আসন্ন আক্ৰমণৰ বিষয়ে সকলোকে অৱগত কৰিছিল ৷ আগন্তুক 24-36 ঘন্টাৰ ভিতৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিবা পাৰে বুলি তেওঁ সদৰী কৰিছিল ৷

দেওবাৰে সংযুক্ত ৰাষ্ট্ৰই কাবুল বিমানবন্দৰৰ ওচৰত এক নিৰ্দিষ্ট ভাবুকিৰ বিষয়ে সতৰ্ক কৰি দিছিল ৷ 31 আগষ্টৰ ভিতৰত সংযুক্ত ৰাষ্ট্ৰই ইয়াৰ সৈন্য বাহিনীক আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে স্থানান্তৰ কৰাৰ বাবে পৰিকল্পনা কৰাৰ সমান্তৰালকৈ তালিবানে(Taliban) মুখ্য বিমানক্ষেত্ৰখন দখল কৰাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : একাধিক বোমা বিস্ফোৰণে জোকাৰি গ’ল কাবুলৰ বিমান বন্দৰ

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে কাবুল বিমানবন্দৰৰ ওচৰত সংঘটিত আত্মঘাতি বোমাৰুৰ আক্ৰমণ(suicide bombing attack)ত সংযুক্ত ৰাষ্ট্ৰৰ 13 জন জোৱানৰ লগতে 169জনতকৈও অধিক আফগান নাগৰিক নিহত হৈছিল ৷ এই আক্ৰমণৰ পাচতে ৰাষ্ট্ৰপতি জ' বাইডেনে প্ৰতিশোধ লোৱা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

আফগানিস্তানৰ ইছলামিক ষ্টেট(Islamic State in Afghanistan)ৰ সহযোগী Islamic State-Khorasan (ISIS-K)এ বৃহস্পতিবাৰে কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল ৷

লগতে পঢ়ক : আমেৰিকাই ল'লে প্ৰতিশোধ : আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.