গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুটাকৈ দুধৰ্ষ ডকাইত

author img

By

Published : Aug 29, 2021, 10:03 PM IST

two dacoits killed in police encounter in goalpara

গোৱালপাৰা এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদমেল। আৰক্ষীৰ এনকাউণ্টাৰত দুটা ডকাইত নিহত হোৱাৰ লগতে গুৰুতৰভাৱে গুলীবিদ্ধ আন এটা ডকাইত ৷ আন্ধাৰৰ সুযোগ লৈ দুটা ডকাইতৰ পলায়ন ৷ পলায়ন কৰা ডকাইত দুটা মনোৱাৰ হুছেইন আৰু ইউচুফ আলী ।

গোৱালপাৰা, 29 আগষ্ট : গোৱালপাৰা আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । গোৱালপাৰা ৰংজুলীৰ এনকাউণ্টাৰ ঘটনাৰ মাৰ নৌ যাওতেই পুনৰ এনকাউণ্টাৰ গোৱালপাৰা আৰক্ষীৰ । প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে নিশা গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা পাঁচজনীয়া ডকাইতৰ এটা দলে ছুইফট গাড়ীত গোৱালপাৰা জিলাৰ কৃষ্ণাই নাইবা দুধনৈত ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷

গোৱালপাৰাত আৰক্ষীৰ এনকাউন্টাৰত নিহত দুটাকৈ দুধৰ্ষ ডকাইত

ইফালে গোপন সূত্ৰৰ ভিত্তিত খবৰ লাভ কৰি ৰংছাই আৰক্ষী চকীৰ পৰা আৰম্ভ কৰি আৰক্ষীয়ে পূৰ্বৰে পৰা খাপ পিটি আছিল । জিলাখনৰ আগিয়া হৈ ডকাইতৰ দলটো কৃষ্ণাই আৰু দুধনৈত উপস্থিত হয় যদিও পৰিকল্পনা অনুসৰি দুধনৈ আৰক্ষীয়ে আগতীয়াকৈ খাপ পিটি আছিল ।

ডকাইতৰ দলটোৰ গাড়ী অহা দেখি দুধনৈ আৰক্ষীয়ে গাড়ী ৰখাবলৈ চিগনেল দিয়ে যদিও আৰক্ষীৰ চিগনেল অমান্য কৰি ডকাইতৰ দলটোৱে দুধনৈৰ পৰা মাটিয়া হৈ মৰনৈ অভিমুখে পলাবলৈ চেষ্টা কৰে । আনহাতে মৰনৈ আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ ৰাস্তাত বেৰিকেড দিয়ে যদিও বেৰিকেড ভাঙি পলাবলৈ চেষ্টা কৰে ডকাইতৰ দলটো ।

লগতে পঢ়কঃ দিল্লীত প্ৰশান্ত কিশোৰৰে অখিল গগৈৰ বৈঠক: মন্ত্ৰী পীযুষৰ সৈতেও আলোচনা

তাৰ পাচতে আৰক্ষীয়ে ডকাইতৰ দলটোৰ গাড়ীখন অনুসৰণ কৰি অৱশেষত গোৱালপাৰা চহৰৰ কাৰবালা গোবিন্দপুৰত ডকাইতৰ গাড়ীলৈ গুলী নিক্ষেপ কৰিবলৈ বাধ্য হয় ৷ ইপিনে ডকাইত দলটোৱেও আৰক্ষীলৈ লক্ষ্য কৰি গুলীয়াবলৈ ধৰে । আৰক্ষীৰ গুলীত তিনিটা ডকাইত গুলীবিদ্ধ হয় যদিও এটা ডকাইত ঘটনাস্থলীতে নিহত হয় ।

একেদৰে গুলীবিদ্ধ হোৱা আন দুটা ডকাইত পুখুৰীত জাপ দিয়াৰ পাচত দেওবাৰে পুৱাৰ ভাগত এটা ডকাইত নিহত অৱস্থাত উদ্ধাৰ হয় ৷ আনহাতে গাড়ীখনত থকা বাকী দুটা ডকাইতে গাড়ীৰ পৰা জপিয়াই আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হৈছিল যদিও আৰক্ষীয়ে ইতিমধ্যে পলায়ন কৰা ডকাইত দুটাক চিনাক্ত কৰিবলৈ সক্ষম হৈছে ৷ ডকাইত দুটা হৈছে মনোৱাৰ হুছেইন আৰু ইউচুফ আলী ।

নিহত ডকাইত দুটা হৈছে ৰিফাজ উদ্দীন আৰু বাচেত আলী বুলি জানিব পৰা গৈছে ৷ গুলীবিদ্ধ হৈ আহত হোৱা ডকাইতটো হৈছে ৰশ্বিদুল ইছলাম । আনহাতে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা বাহন খনৰ নম্বৰ হৈছে এএছ-০১এমএল-৩৭২৯ । আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা এটা ৰিভলভাৰ আৰু কেইবাজাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা ছুইফট গাড়ীখনৰ গৰাকী ইতিমধ্যে ওদালগুৰিৰ ৰৌতাত এক গোচৰত অভিযুক্ত হৈ আৰক্ষীৰ জিম্মাত আছে । একেদৰে ডকাইতৰ দলটোৰ ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

লগতে পঢ়কঃ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত কেনে আছিল জনজাতীয় লোকসকলৰ অস্ত্ৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.