ETV Bharat / state

মৃত ঘোষণা কৰা চোৰক গ্ৰেপ্তাৰ কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে

author img

By

Published : Sep 8, 2020, 11:01 PM IST

অগ্নিনিৰ্বাপক বাহিনীৰ লোকে চোৰটোক কৰায়ত্ব কৰি প্ৰহাৰ কৰি মাৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰি উত্তাল কৰি তোলে পৰিৱেশ স্থানীয় ৰাইজে ৷

হাইলাকান্দিত মৃত বুলি ওলোৱা চোৰক গ্ৰেপ্তাৰ কৰিলে কৰিমগজ্ঞ আৰক্ষীয়ে
হাইলাকান্দিত মৃত বুলি ওলোৱা চোৰক গ্ৰেপ্তাৰ কৰিলে কৰিমগজ্ঞ আৰক্ষীয়ে

হাইলাকান্দি, 8 ছেপ্তেম্বৰঃ হাইলাকান্দিত মৃত কিন্তু কৰিমগঞ্জত জীৱিত হৈ চোৰে চলাইছে চাফাই অভিযান ৷ কৰিমগঞ্জত আহি জীৱিত হৈ কৰিলে বেটাৰি চোৰ ৷ বেটাৰি চোৰ কৰিব আহোতে ধৰা পৰিল ৰহিম উদ্দিন লস্কৰ নামৰ চোৰটো ৷

বিগত সপ্তাহত হাইলাকান্দিৰ চানপুৰ গাঁওৰ ৰহিম উদ্দিন লস্কৰে অগ্নিনিৰ্বাপন বাহিনীৰ জোৱানৰ এটি ম’বাইল চোৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ উল্লেখযোগ্য যে, স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে চোৰটোক কৰায়ত্ব কৰি প্ৰহাৰ কৰি মাৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰি উত্তাল কৰি তোলে পৰিৱেশ । ইপিনে স্থানীয় এচাম ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় ঘেৰাও কৰি শিলগুটি নিক্ষেপ কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰিবলগা হৈছিল লাঠিচাৰ্জ , ব্যৱহাৰ কৰিবলগা হৈছিল কন্দুৱা গেছ ।

মৃত চোৰক গ্ৰেপ্তাৰ কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে

আনহাতে একাংশ ৰাইজে মৃত সজোৱা সেই চোৰ ৰহিম উদ্দিন লস্কৰ পুনৰ মঙলবাৰে ধৰা পৰিল কৰিমগঞ্জ আৰক্ষীৰ হাতত ৷ কৰিমগঞ্জৰ কানিশাইলৰ পৰা বেটাৰি চোৰৰ অপৰাধত আৰক্ষীয়ে আটক কৰি লৈ আহে কৰিমগঞ্জ সদৰ থানালৈ ৷ সম্প্ৰতি কৰিমগঞ্জ সদৰ থানাৰ হাইলাকান্দি সদৰ থানালৈ আনি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ অগপৰ সভাপতি নিৰ্বাচনত আদালতৰ স্থগিতাদেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.