ETV Bharat / state

দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jun 11, 2022, 2:25 PM IST

panchayat-members-alleges-scam-in-water-supply-scheme-at-bokakhat
দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

এইবাৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ (Allegation of scam against panchayat members) । চ'লাৰ চালিত পানী যোগান আঁচনিৰ (Water supply scheme) নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৷

বোকাখাত, 11 জুন: ক্ৰমাৎ দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হৈছে বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়ত ৷ এইবাৰ খোদ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ (Allegation of scam against panchayat members) । ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় লোক ৷

বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢেঁকীয়াপথাৰ খেড়িয়া বস্তীৰ ২৬৭ নং অংগনবাড়ী কেন্দ্ৰত নিৰ্মাণ কৰা চ'লাৰ চালিত পানী যোগান আঁচনিৰ নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে (panchayat members alleges scam in water supply scheme) ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্থাপন কৰিছে অভিযোগ(All Assam Tea Student Association) ৷ ২০২০-২১ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৫,৫০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা চ'লাৰ চালিত পানী যোগান আঁচনিত সংঘটিত হৈছে এই কেলেংকাৰী ৷

লগতে এই নিৰ্মাণ কাৰ্যৰ আৱন্টিত ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৷ ফলত সৰৱ হৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা সমিতিয়ে বিগত 3 জুনত এই আঁচনিৰ নমুনা বিচাৰি সংগঠনটোৱে পঞ্চায়তটোৰ সভাপতি/ সম্পাদকলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল বুলি জানিব দিয়ে সংগঠনটোৱে ।

দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পিছে এই পৰ্যন্ত চকু মুদা কুলিৰ ভাওঁ ধৰি আছে পঞ্চায়তটোৰ সভাপতি/ সম্পাদকে ৷ ইফালে এই আঁচনি ৰূপায়ণ সন্দৰ্ভত পঞ্চায়টোৰ অধিকাংশ সদস্যৰ উপৰিও আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকীও অৱগত নোহোৱা বুলি অভিযোগ উত্থাপিত কৰিছে সংগঠনটোৱে ।

লগতে স্বাভাৱিকতেই দুৰ্নীতিত পোত যোৱা পঞ্চায়তটোৰ লগতে সভানেত্ৰীগৰাকীক তদন্তৰ আওতালৈ আনিবলৈ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় প্ৰশাসনক দাবী জনাই চৰকাৰ আৰু পঞ্চায়তৰ বিৰুদ্ধি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : Passing Out Parade of IMA: দেশে নতুনকৈ লাভ কৰিলে ২৮৮ গৰাকী কেডেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.