ETV Bharat / state

Assam nagaland land conflict: গড়বস্তিৰ ভূমি বিবাদক কেন্দ্ৰ কৰি সীমান্ত দণ্ডাধীশৰ বৈঠক

author img

By

Published : Aug 1, 2023, 11:41 AM IST

মেৰাপানী সীমান্তৰ গড়বস্তিৰ ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ৰাজ্যৰ সীমান্ত দণ্ডাধীশৰ বৈঠক । দখলীকৃত ভূমিক লৈ নগাই আঁকোৰগোজ হৈ থকাৰ বিপৰীতে তেজ দিলেও মাটি নিদিয়াৰ হুংকাৰ ভুক্তভোগী তৰামাই গড়ৰ । অসম চৰকাৰৰ সোপাঢিলা নীতিক সমালোচনা ভুক্তভোগীৰ ।

Assam nagaland land conflict
গড়বস্তিৰ ভূমি বিবাদক কেন্দ্ৰ কৰি সীমান্ত দণ্ডাধীশৰ বৈঠক

গড়বস্তিৰ ভূমি বিবাদক কেন্দ্ৰ কৰি সীমান্ত দণ্ডাধীশৰ বৈঠক

মেৰাপানী, 31 জুলাই: অব্যাহত আছে অসম-নাগালেণ্ডৰ ভূমিকেন্দ্ৰিক বিবাদ ৷ মেৰাপানীৰ গড়বস্তিত চলি থকা দীৰ্ঘদিনীয়া ভূমি বিবাদক কেন্দ্ৰ কৰি নগাই অসমৰ মাটি বেদখল কৰি আঁকোৰগোজ স্থিতিত থকাৰ বিপৰীতে ভুক্তভোগী তৰামাই গড়ে অভিযোগ দাখিল কৰিছিল সীমান্তত নিয়োজিত চি আৰ পি এফ বাহিনীৰ ওচৰত । সেই মৰ্মেই মেৰাপানীস্থিত 142 নং চি আৰ পি এফৰ শিবিৰত অসম আৰু নাগালেণ্ডৰ দুয়োখন ৰাজ্যৰে সীমান্ত দণ্ডাধীশৰ মাজত ভূমি বিবাদক কেন্দ্ৰ কৰি গঢ়ি উঠা সংঘাতৰ নিষ্পতিৰ বাবে এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় ।

উল্লেখ্যযোগ্য যে, 1971 চনত অসম চৰকাৰৰ হাফ মাইল ব্লেটৰ অধীনত নন্দলাল গড়ে লাভ কৰা ভূমিত 2012 চনৰ পৰাই চুবুৰীয়া আগ্ৰাসী নগাই বেদখলৰ চেষ্টা চলাই আহিছিল । সেই অনুসৰি তেতিয়াৰে পৰা বিবদমান ভূমি হিচাপে চিহ্নিত ভূমিত দুই ৰাজ্যৰ প্ৰশাসনে কোনো এটা পক্ষকে মাটি নিদি জব্দ কৰি ৰাখিছিল ।

এইক্ষেত্ৰত প্ৰয়াত নন্দলাল গড়ৰ পৰিয়ালৰ তৰফৰ পৰা সেই নিৰ্দেশনা মানি অঞ্চলটোত কোনো খেতি বাতি কৰা নাছিল যদিও শেহতীয়াকৈ একাংশ নগালোকে গোপনে আহি সেই ভূ-খণ্ডত হাল-কোৰ বাই আহু ধানৰ খেতি আৰম্ভ কৰিছে বুলি ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়ে ।

ইয়াৰ পাছতে তৰামাই গড়ে নগাৰ বেদখলৰ কথা জানিব পাৰি গোলাঘাট প্ৰশাসনৰ লগতে সীমাত নিয়োজিত চি আৰ পি এফক অৱগত কৰিছিল । সেই সন্দৰ্ভত উক্ত বিষয়টো মীমাংসাৰ বাবে মেৰাপানীৰ চি আৰ পি এফৰ শিবিৰত কেবাবাৰো দুই পক্ষই আলোচনাত মিলিত হৈছিল যদিও কোনো সিদ্ধান্তত উপনীত হোৱা নাছিল ।

যোৱা 17 মে'ত দুই ৰাজ্যৰ সীমান্ত দণ্ডাধীশ পৰ্যায়ৰ আলোচনা বিফল হোৱাৰ পাছত জিলা উপায়ুক্ত পৰ্যায়ৰ আলোচনাৰ দাবী তুলিছিল ভুক্তভোগী পৰিয়ালে । এই আলোচনাৰ বাবে সোমবাৰে পুনৰ মেৰাপানীস্থিত চি আৰ পি এফৰ মুখ্য শিবিৰত মেৰাপানীৰ সীমান্ত দণ্ডাধীশ আৰু নাগালেণ্ডৰ ভাণ্ডাৰীৰ সীমান্ত দণ্ডাধীশৰ মাজত আলোচনা অনুষ্ঠিত হয় ।

আলোচনাত দুয়োগৰাকী দণ্ডাধীশে দুয়ো পক্ষৰ পৰা শুনানি গ্ৰহণ কৰে । নগাৰ পক্ষৰ হৈ বিৰ্তকিত ভূমিৰ সন্দৰ্ভত বিভিন্ন নথি-পত্ৰ প্ৰদৰ্শন কৰি উক্ত ভূ-খণ্ড নগাৰ বুলি দাবী কৰে । ইফালে তৰামাই গড়েও সেই ভূ-খণ্ড তেওঁলোকৰ পৈত্ৰিক সম্পত্তি বুলি দাবী কৰাৰ লগতে নগাই প্ৰদৰ্শন কৰা কাগজ পত্ৰ জাল বুলি অভিযোগ তোলে । তৰামাই গড়ে তেজ দি হ'লেও উক্ত ভূমি খণ্ড কোনো কাৰণতে নগাৰ দখললৈ যাবলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰে ।

ইফালে অসমৰ মাটি ৰক্ষণাবেক্ষণত অসম চৰকাৰ তথা প্ৰশাসনে হেমাহি কৰাৰ অভিযোগ তোলে তৰামাই গড়ে । বিৰ্তকিত ভূখণ্ডৰ সন্দৰ্ভত কোনো মীমাংসা নোহোৱাত আলোচনাৰ বাবে পুনৰ পৰৱৰ্তী দিন ধাৰ্য কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক : Love jihad controversy: পাপ খণ্ডন কৰিবলৈ বহু বেছি তপস্যা কৰিব লাগিব ভূপেন বৰাই; জয়ন্তমল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.