ETV Bharat / state

Love jihad controversy: পাপ খণ্ডন কৰিবলৈ বহু বেছি তপস্যা কৰিব লাগিব ভূপেন বৰাই; জয়ন্তমল্ল বৰুৱা

author img

By

Published : Aug 1, 2023, 9:57 AM IST

বিহপুৰীয়াত ভূপেন বৰাক আক্ৰমণ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰচেষ্টাত গুৰুজনা বিৰচিত “ভূমি লোটোৱা “ জুমুৰাখনৰ প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্তমল্লই ৷

Jayanta malla baruah in Lakhimpur
বিহপুৰীয়াত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

ভূপেন বৰাক সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিহপুৰীয়া, 31 জুলাই : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই বিহপুৰীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰাক লৈ লজ্জা অনুভৱ কৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ভূপেন বৰাই দুৰ্ভাগ্যবশতঃহে এই বিহপুৰীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ পাইছিল বুলি কয় মন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি, ভূপেন বৰাই ক্ষমা বিচাৰি নাটকহে কৰিছে বুলি কয় মন্ত্ৰী বৰুৱাই ।

ভূপেন বৰাই বহুত বেছি তপস্যা কৰিলেহে নিজৰ পাপ খণ্ডন হ’ব বুলি উল্লেখ কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থৰ লালসাত ভূপেন বৰাই কৰাৰ দৰে কাম কৰিবলৈ নাপায় বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । বিহপুৰীয়াত সোমবাৰে উপস্থিত হৈ এইদৰে বিৰোধী দলৰ নেতাগৰাকীৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত, শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত নাৰায়ণপুৰ সংকুলৰ সহযোগিতাত আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ বিশেষ প্ৰচেষ্টাত বৃহত্তৰ বিহপুৰীয়াৰ ছটা স্থানত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নাট সমূহৰ কৰ্মশালাৰ অন্তত সোমবাৰে প্ৰশিক্ষাৰ্থীসকলে বিহপুৰীয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগৰ প্ৰাথমিক শাখাৰ নামঘৰত গুৰুজনা বিৰচিত “ভূমি লোটোৱা “ জুমুৰাখন প্ৰদৰ্শন কৰে ৷

নাট আৰম্ভণিৰ পূৰ্বে বিহপুৰীয়া নগৰৰ আৱৰ্ত ভৱনৰ পৰা ন-শিকাৰুসকলে গায়ন-বায়নেৰে এক শোভাযাত্ৰা কৰি নাটখন নামঘৰলৈ আগবঢ়াই আনে ৷ শোভাযাত্ৰাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে অসমৰ বিভিন্ন স্থানত থকা 11 খন সত্ৰৰ সত্ৰাধিকাৰসকলে অংশগ্ৰহণ কৰে ৷ নগৰ নামঘৰত আয়োজিত অনুষ্ঠানৰ আঁত ধৰে মানস প্ৰতিম গোস্বামীয়ে ৷ শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে সভাত প্ৰদান কৰে আদৰণি ভাষণ ৷

অননষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে বিশিষ্ট অতিথিৰ ভাষণত গুৰু দুজনাৰ অমৰ সৃষ্টিৰাজি নৱ প্ৰজন্মৰ মাজত বিলাই দিবৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক : Bhupen Bora Love jihad controversy : নামঘৰত শৰাই দি প্ৰায়শ্চিত্ত কৰিলে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.