ETV Bharat / state

Bhupen Bora Love jihad controversy : নামঘৰত শৰাই দি প্ৰায়শ্চিত্ত কৰিলে ভূপেন বৰাই

author img

By

Published : Jul 31, 2023, 5:26 PM IST

অৱশেষত সোমবাৰে ভূপেন বৰাই নাওবৈচাৰ চিলনীবাৰী নামঘৰত শৰাই দি সপত্নীক সেৱা গ্ৰহণ কৰে ৷ আত্মশুদ্ধিৰ বাবে নিজ গাঁৱৰ বৰনামঘৰতে সহধৰ্মিনীৰ সৈতে সেৱা লৈ ভকত- বৈষ্ণৱৰ আগত ভুল স্বীকাৰ কৰে ভূপেন বৰাই ৷

Bhupen Bora apologizes on Love jihad controversy
নামঘৰত শৰাই দি প্ৰায়শ্চিত্ত কৰিলে ভূপেন বৰাই

নামঘৰত শৰাই দি প্ৰায়শ্চিত্ত কৰিলে ভূপেন বৰাই

লখিমপুৰ, 31 জুলাই : মহাভাৰততো লাভ জেহাদ আছিল বুলি মন্তব্য কৰি ৰাজ্যবাসীৰ ৰোষত পৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ইয়াৰ পিচতে ভূপেন বৰাই এক সংবাদমেল সম্বোধন কৰি তেওঁৰ ককাকে সপোনত আহি তেওঁক নামঘৰলৈ গৈ প্ৰায়শ্চিত্ত কৰিবলৈ দিয়া বুলি সদৰী কৰিছিল ৷ অৱশেষত সোমবাৰে ভূপেন বৰাই নাওবৈচাৰ চিলনীবাৰী নামঘৰত শৰাই দি সপত্নীক সেৱা জনালে ৷

সদায় গুৰুজনাৰ বাণীকে সৰোগত কৰি ভগৱন্তৰ আশীৰ্বাদ লৈ পুনৰ যাতে বিচলিত নহয় তাৰ বাবে সেৱা জনালে বৰাই ৷ আত্মশুদ্ধিৰ বাবে নিজ গাঁৱৰ বৰনামঘৰতে সহধৰ্মিনীৰ সৈতে সেৱা লৈ ভকত-বৈষ্ণৱৰ আগত ভুল স্বীকাৰ কৰে ভূপেন বৰাই ৷ ৰাজনীতিৰ পৰা সন্ন্যাস ল’লে এই নামঘৰতে পাঠেকী পদত অধিষ্ঠিত হ’ব বুলি ভূপেন বৰাই মন্তব্য প্ৰকাশ কৰে ৷ অনাগত দিনত এসপ্তাহৰ বাবে দলীয় কাম-কাজৰ বাবে বাহিৰতে থাকিব বুলি কয় বৰাই ৷ এই ঘটনাটোৰ পিচতে এজন নতুন ভূপেন বৰাৰ জন্ম হৈছে, অনাগত দিনত পুনৰ এনে বিতৰ্কৰ মাজলৈ ভূপেন বৰা নাহে বুলি পত্নীয়ে মন্তব্য আগবঢ়ায় ৷

মহাভাৰতত কৃষ্ণ-ৰুক্মিণীৰ বিবাহৰ প্ৰসংগ টানি আনি লাভ জেহাদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল ভূপেন বৰাই ৷ এই মন্তব্য সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি সকলোৰে ওচৰত ক্ষমা বিচাৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে ৷ সংবাদমেলত তেখেতে উল্লেখ কৰিছিল যে 27 জুলাইৰ নিশা ককাই তেওঁক মোক সপোনত দেখা দিছিল ৷ দুটা অলাগতিয়াল কথা কোৱাৰ বাবে ককাই তেওঁক নামঘৰলৈ যাবলৈ কৈছে বুলি সদৰী কৰে ৷ মুখ্যমন্ত্ৰী নহয়, তেওঁৰ ভকত বৈষ্ণৱলৈ ভয় লাগে বুলিও মন্তব্য প্ৰকাশ কৰিছিল ভূপেন বৰাই ৷

মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিবলৈ কোৱাতকৈ তেওঁক এজন সত্ৰাধিকাৰে নামঘৰলৈ যোৱা বন্ধ কৰিব দিয়াই সকলোতেকৈ বেছি আঘাত দিছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছিল ৷ সংবাদমেলখনত "মোক নামঘৰলৈ যোৱা বন্ধ নকৰিব, তাতকৈ এনকাউণ্টাৰ কৰক" বুলি ক্ষমা বিচাৰিছিল ভূপেন বৰাই ৷

লগতে পঢ়ক:Love Jihad controversy: মহাভাৰতত লাভ জেহাদক লেটিয়াই অৱশেষত ঘোষাৰে ক্ষমা মাগিলে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.