ETV Bharat / state

Love Jihad controversy: মহাভাৰতত লাভ জেহাদক লেটিয়াই অৱশেষত ঘোষাৰে ক্ষমা মাগিলে ভূপেন বৰাই

author img

By

Published : Jul 28, 2023, 10:19 AM IST

Updated : Jul 28, 2023, 10:45 AM IST

মহাভাৰততো লাভ জেহাদ আছিল বুলি মন্তব্য কৰি অৱশেষত ক্ষমা খুজিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ শুকুৰবাৰে পুৱাই এক সংবাদমেল সম্বোধন কৰি সকলোৰে ওচৰত ক্ষমা বিচৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ জুৰিলে ঘোষা ৷

Love Jihad controversy
অৱশেষত ক্ষমা খুজিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

ক্ষমা বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

গুৱাহাটী ২৮ জুলাই : অৱশেষত ক্ষমা খুজিলে ভূপেন বৰাই ৷ মহাভাৰততো লাভ জেহাদ আছিল বুলি মন্তব্য কৰি অৱশেষত ক্ষমা খুজিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ মহাভাৰতত কৃষ্ণ-ৰুক্মিণীৰ বিবাহক প্ৰসংগ টানি আনি লাভ জেহাদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল ভূপেন বৰাই ৷ এই মন্তব্য সন্দৰ্ভত শুকুৰবাৰে পুৱাই এক সংবাদমেল সম্বোধন কৰি সকলোৰে ওচৰত ক্ষমা বিচৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

সংবাদমেলত তেখেতে কয়, ‘‘যোৱানিশা ককাই আহি মোক সপোনত দেখা দিলেহি ৷ দুটা অলাগতিয়াল কথা কোৱাৰ বাবে ককাই মোক নামঘৰলৈ যাবলৈ কৈছে ৷ মুখ্যমন্ত্ৰী নহয়, মোৰ ভকত বৈষ্ণৱলৈ ভয় লাগে ৷ যোৱানিশা ৰাতি ককাই মোৰ সপোনত আহি ক'লে দুটা শব্দ মই ভুলকৈ ক'লো ৷ মোক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিবলৈ কৈছে ৷ কিন্তু বেছি বেয়া লাগিছে যেতিয়া এজন সত্ৰাধিকাৰে মোক নামঘৰলৈ যোৱা বন্ধ কৰিব দিছে ৷ মোক নামঘৰলৈ যোৱা বন্ধ নকৰিব, তাতকৈ এনকাউণ্টাৰ কৰক’’ ৷

ভূপেন বৰাই লগতে কয়, ‘‘মই মোৰ জন্ম গাঁৱত এটা নামঘৰ আটকধুনীয়া কৈ বনাই আছোঁ ৷ গাঁৱৰ ৰাইজৰ লগত এটাই চৰ্ত যে, ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পিচত মই নামঘৰত পাঠেক হ'ম ৷ কাৰণ ৰাজনীতিয়েই মোৰ শেষ নহয় ৷ ৰাজনীতিৰ পিছত মোৰ নিউজ চেনেল নাই, বাতৰি কাকত নাই, মই নিউজ মেনিপুলেট কৰিব নোৱাৰো ৷ মোৰ ভিতৰৰ চেতনাই মোক জাগ্ৰত কৰিছে ৷’’

এই মন্তব্যৰে ‘‘মই দুৰাচাৰ’’ প্ৰাৰ্থনা গাই ক্ষমা প্ৰাৰ্থনা বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বাকী বিজেপি আৰ এছ এছে বিষয়টো ধৰি থাকিব বুলি মন্তব্য কৰি অৰাজনৈতিক লোকসকলক বিষয়টো এৰাই চলিবলৈ আহ্বান ভূপেন বৰাৰ ৷

উল্লেখযোগ্য যে, লাভ জেহাদ সন্দৰ্ভত ভূপেন বৰাই ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই লাভ জেহাদ চলি আহিছে বুলি মন্তব্য কৰিছিল ৷ পূৰ্বতেও বৈবাহিক প্ৰস্তাৱক লৈ ৰজা-মহাৰজাৰ মাজত যুদ্ধ হৈছিল ৷ মহাভাৰতৰ উৎসৰ কথা উল্লেখ কৰি ভূপেন বৰাই ধৃতৰাষ্ট্ৰলৈ গান্ধাৰীক বিয়া কৰোৱাই অনা আৰু শ্ৰীকৃষ্ণই ৰুক্মিণীক বিবাহ কৰোৱাটোও এক প্ৰকাৰ লাভ জেহাদ বুলি আখ্যা দিছিল ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মহাভাৰত বা শ্ৰীকৃষ্ণ সন্দৰ্ভত এই আপত্তিজনক মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছিল ৰাজনৈতিক মহলৰ বিভিন্ন নেতাৰ লগতে বহুকেইটা সংগঠন ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰাৰো ইংগিত প্ৰদান কৰিছিল ৷

লগতে পঢ়ক : Love Jihad controversy: ভূপেন বৰাৰ মহাভাৰত ব্যাখ্যা; গ্ৰেপ্তাৰৰ বাবে মুখ্যমন্ত্ৰীৰ অপেক্ষা এটা গোচৰলৈ

Last Updated : Jul 28, 2023, 10:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.