ETV Bharat / state

Love Jihad controversy: ভূপেন বৰাৰ মহাভাৰত ব্যাখ্যা; গ্ৰেপ্তাৰৰ বাবে মুখ্যমন্ত্ৰীৰ অপেক্ষা এটা গোচৰলৈ

author img

By

Published : Jul 28, 2023, 7:34 AM IST

বিতৰ্কৰ আৱৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াবলৈ গৈ শলঠেকত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হ’লেই গ্ৰেপ্তাৰ হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

Love Jihad in Assam
গ্ৰেপ্তাৰ হ’ব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

নিউজ ডেস্ক, 28 জুলাই: কথাত বঁটা পায়, কথাত গটা খায়, অসমীয়া এই প্ৰৱচনশাৰী আপুনি নিশ্চয় শুনিছে ৷ নোহোৱা নোপজা কথাকৈ কোনোবাই গটা খোৱাও হয়তো দেখিছে ৷ নিজৰ পিচলি যোৱা জিভাখনৰ বাবেই এইবাৰ গটা খাবলৈ ওলাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ লাভ জেহাদৰ প্ৰসংগত মন্তব্য আগবঢ়াবলৈ গৈ বিষয়টোৰ মাজলৈ হিন্দুৰ উপাস্য দেৱতা ভৱগান কৃষ্ণ আৰু মহাকাব্য মহাভাৰতক টানি আনি বিতৰ্কত সোমাই পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাক মুখ্যমন্ত্ৰীয়ে মন্তব্যৰ জৰিয়তে লাভ জেহাদৰ ৰং সানি দিয়াৰ পিচতেই বৃহস্পতিবাৰে এই বিষয়ত মন্তব্য আগবঢ়াইছিল ভূপেন বৰাই ৷

শ্ৰীকৃষ্ণক লাভ জেহাদী বুলিলে ভূপেন বৰাই-

লাভ জেহাদ সন্দৰ্ভত ভূপেন বৰাই কয় যে, ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই লাভ জেহাদ চলি আহিছে ৷ পূৰ্বতেও বৈবাহিক প্ৰস্তাৱক লৈ ৰজা-মহাৰজাৰ মাজত যুদ্ধ হৈছিল ৷ মহাভাৰতৰ উৎসৰ কথা উল্লেখ কৰি ভূপেন বৰাই কয় যে, ধৃতৰাষ্ট্ৰলৈ গান্ধাৰীক বিয়া কৰোৱাই অনা আৰু শ্ৰীকৃষ্ণই ৰুক্মিণীক বিবাহ কৰোৱাটোও এক প্ৰকাৰ লাভ জেহাদ বুলি আখ্যা দিয়ে ৷

কথাত গটা খাব নেকি ভূপেন বৰাই ?

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাভাৰত বা শ্ৰীকৃষ্ণ সন্দৰ্ভত এই আপত্তিজনক মন্তব্য কৰাৰ পাচতেই জাঙুৰ খাই উঠিছে ৰাজনৈতিক মহলৰ বিভিন্ন নেতাৰ লগতে বহুকেইটা সংগঠন ৷ খোদ মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাই গ্ৰেপ্তাৰ কৰাৰ ইংগিত প্ৰদান কৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যদি কোনোবাই ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে, তেন্তে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ব ।

লগতে পঢ়ক: Bhupen Borah on Love Jihad: কৃষ্ণৃ-ৰুক্মিণীৰ বিবাহো লাভ জিহাদ আছিল; ভূপেন বৰা

তেওঁ লগতে কয় যে, মহাভাৰতৰ ঘটনাবোৰত প্ৰেম আছিল, লাভ জেহাদ নহয় । তেওঁ স্পষ্ট কৰি দিলে যে লাভ জেহাদ মানে কাৰোবাক ধৰ্মৰ যোগেদি সলনি হ’বলৈ বাধ্য কৰা, গান্ধৰী বা ৰুক্মিণী কোনোৱেই ধৰ্ম সলনি কৰিবলৈ বাধ্য হোৱা নাছিল ।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, আগতে কেৱল প্ৰেম আছিল, কিন্তু এতিয়া লাভ জেহাদ ঘটে আৰু সেইবাবেই হত্যাকাণ্ড সংঘটিত হয় । ‘‘কৃষ্ণ আৰু ৰুক্মিণীৰ মাজত প্ৰেম আছিল, ধৰ্মৰ পৰিৱৰ্তন নাছিল, জেহাদ নাছিল’’, তেওঁ লগতে কয় ।

ইফালে, ভূপেন বৰাই কৰা এই বিতৰ্কিত মন্তব্য সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকায়ো ৷ তেওঁ কয় যে, ভূপেন বৰাই লাভ জেহাদক সমৰ্থন কৰক বা নিজে লাভ জেহাদী হৈ যাওক তাত ক’ব লগীয়া একো নাই ৷ ভূপেন বৰাৰ কিবা এটা গণ্ডগোল হৈছে ৷ নহ’লে মহাভাৰতৰ কথা নকয় ৷

মন্ত্ৰীগৰাকীয়ে লগতে হিন্দুৱে হিন্দুক বিয়া পাতিলে লাভ জেহাদ নহয় বুলি উল্লেখ কৰি ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ আহ্বান জনায় ভূপেন বৰাক ৷ হিন্দুসকলৰ আবেগত বাৰে বাৰে আঘাত নাহানিবলৈ সকীয়াই দি ভূপেন বৰা জেহাদী সংস্কৃতিৰ লগত মিলি যোৱা বুলিও কটু সমালোচনা কৰে পীযুষ হাজৰীকাই ৷

একেদৰে বিজেপি বিধায়ক দিগন্ত কলিতায়ো ভূপেন বৰাৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে, লাভ জেহাদৰ বিৰুদ্ধে বিজেপি দলৰ পদক্ষেপ সদায় চলি থাকিব ৷ জেহাদৰ পৰম্পৰা ৰক্ষা কৰিবলৈ ভূপেন বৰাই লাভ জেহাদক সমৰ্থন কৰা বুলি কয় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : Assam Love Jihad Controversy: ভূপেন বৰাৰ কিবা এটা গণ্ডগোল হৈছে; পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.