ETV Bharat / state

Assam Love Jihad Controversy: ভূপেন বৰাৰ কিবা এটা গণ্ডগোল হৈছে; পীযুষ হাজৰীকা

author img

By

Published : Jul 27, 2023, 9:21 PM IST

Updated : Jul 27, 2023, 9:27 PM IST

গোলাঘাটৰ শিহৰণকাৰী ট্ৰিপল মাৰ্ডাৰ ঘটনাৰ পাচতেই লাভ জিহাদৰ প্ৰসংগই ৰাজ্যই পুনৰ ব্যাপক চৰ্চা লাভ কৰিছে ৷ কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ ঘটনাক লাভ জিহাদৰ পৰিণতি বুলি উল্লেখ কৰিছিল ৷ ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷

Assam Love Jihad Controversy
Assam Love Jihad Controversy

ভূপেন বৰাৰ কিবা এটা গণ্ডগোল হৈছে; পীযুষ হাজৰীকা

গুৱাহাটী, ২৭ জুলাই: ভূপেন বৰাই লাভ জিহাদ সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভূপেন বৰাৰ কিবা এটা গণ্ডগোল হৈছে ৷ নহ’লে মহাভাৰতত লাভ জেহাদৰ কথা কয় নেকি ৷ হিন্দুৱে হিন্দুক বিয়া পাতিলে লাভ জিহাদ হ’ব নোৱাৰে ৷ ভূপেন বৰা জিহাদি সংস্কৃতিৰ লগত মিলি গৈছে ৷’’

পীযুষ হাজৰীকাই আৰু কয়, ‘‘ভূপেন বৰা ডাঙৰীয়া আপুনি জিহাদক সমৰ্থন কৰক, আপুনি জিহাদি হৈ যাওক, আমাৰ ক’ব লগা একো নাই ।’’ বাৰে বাৰে এনে মন্তব্য কৰি হিন্দুসকলক আঘাত নকৰিবলৈও ভূপেন বৰাক আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

ইফালে বিধায়ক দিগন্ত কলিতাইয়ো ভূপেন বৰাক উভতি ধৰি কয় যে লাভ জিহাদৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা চলিয়েই থাকিব ৷ ভূপেন বৰাই জিহাদৰ পৰম্পৰা ৰক্ষা কৰিবলৈ জিহাদক সমৰ্থন কৰে ৷ উল্লেখযোগ্য যে গোলাঘাটত সংঘটিত হোৱা হত্যাকাণ্ডৰ খবৰ ল’বলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনাটো এক লাভ জেহাদৰ ঘটনা বুলি উল্লেখ কৰিছিল ।

তাৰ পিচতে ভূপেন বৰাই মহাভাৰততো লাভ জিহাদ আছিল বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ পিচতে মন্ত্ৰী পীযুষ হাজৰীকাই ভূপেন বৰাক উভতি ধৰে । আনহাতে নিৰ্বাচন সন্দৰ্ভত বিৰোধীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘বিৰোধীয়ে যিমানেই যি নকৰক, একো লাভ নাই সকলোবোৰ একলগ হৈ । কৌৰৱৰ সৈন্য বেছিকৈ থাকিও পাণ্ডৱক পৰাভূত কৰিব নোৱাৰিলে । আমাৰ প্ৰতি জনতাৰ সমৰ্থন আছে । সকলোবোৰ লগ হৈয়েই আছে, আমি জিকিয়েই আছোঁ ।’’

লগতে পঢ়ক: Bhupen Borah on Love Jihad: কৃষ্ণৃ-ৰুক্মিণীৰ বিবাহো লাভ জিহাদ আছিল; ভূপেন বৰা

Last Updated : Jul 27, 2023, 9:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.