ETV Bharat / state

দেৰগাঁৱত উদ্ধাৰ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট

author img

By

Published : Nov 10, 2021, 5:48 PM IST

huge-amount-of-intoxicating-tablets-seized-in-a-pharmacy-at-dergaon
দেৰগাঁৱত উদ্ধাৰ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট

মঙলবাৰে নিশা দেৰগাঁৱৰ 'ময়ংক মেডিকেল' নামৰ ফাৰ্মাচীখনৰ এজন কমচাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট ৷ সম্প্ৰতি ফাৰ্মাচীখনৰ মালিক দীপ সোমানী আৰু এজন কৰ্মচাৰীক আটক কৰিছে দেৰগাওঁ আৰক্ষীয়ে ৷

গোলাঘাট, 10 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ব্যাপক অভিযান ৷ প্ৰত্যেকদিনাই ৰাজ্যৰ বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী ৷ সামন্তৰালকৈ গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষীয়ে এইবাৰ উদ্ধাৰ কৰিলে বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট ৷

মঙলবাৰে নিশা দেৰগাঁৱৰ 'ময়ংক মেডিকেল' নামৰ ফাৰ্মাচীখনৰ এজন কমচাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেটখিনি ৷ উক্ত ফাৰ্মাচীখনৰ পৰা টেবলেটখিনি সৰবৰাহ কৰাৰ অৱস্থাতে আৰক্ষীৰ জালত পৰে কৰ্মচাৰী জন ৷

দেৰগাঁৱত উদ্ধাৰ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট

ইয়াৰ পূৰ্বেও ফামাচীখনত উদ্ধাৰ হৈছিল বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট ৷ লগতে ড্ৰাগছৰ বেহা চলাই গ্ৰেপ্তাৰ হৈছিল উক্ত ফাৰ্মাচীখনৰ মালিক দীপ চোমানী ৷ ফলত একেখন ফাৰ্মাচীখনত দুবাৰকৈ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱাত অঞ্চলটোত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে আৰক্ষীৰ এটা দলে ফাৰ্মাচীখনত চলালে অভিযান ৷ ইফালে ফাৰ্মাচীখন বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

সম্প্ৰতি ফাৰ্মাচীখনৰ মালিক দীপ সোমানী আৰু এজন কৰ্মচাৰীক আটক কৰিছে দেৰগাওঁ আৰক্ষীয়ে ৷ লগতে দেৰগাঁও আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাক জেৰা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : অবৈধ সম্পৰ্কৰ প্ৰস্তাৱ নাকচ; কামনাৰ বলি বিবাহিতা মহিলা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.