ETV Bharat / state

operation against drugs: দম্পতীৰ বাহনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 6:05 PM IST

operation against drugs
দম্পতীৰ বাহনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

দেৰগাঁৱত ড্ৰাগছ বিৰোধী অভিযান ৷ As03 H 8382 নম্বৰৰ এখন ইণ্ডিকা বাহনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ এটা দম্পতী আটক ৷

দম্পতীৰ বাহনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

যোৰহাট, 15 অক্টোবৰ : বৰবিহ ড্ৰাগছৰ ৰাগীয়ে ছানি ধৰিছে যুৱ সমাজক ৷ এই মাৰাত্মক বৰবিহ উৎখাত কৰিবলৈ প্ৰশাসনে ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী কঠোৰ অভিযান অব্যাহত ৰখাৰ পিচতো গা লৰা নাই সৰবৰাহকাৰীৰ ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্ত বেষ্টনীৰ মাজতো সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷

দেওবাৰে গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত দেৰগাঁৱত ড্ৰাগছ বিৰুদ্ধে অভিযান চলায় এটা দম্পতীৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ । দম্পতীটোৱে As03 H 8382 নম্বৰৰ এখন ইণ্ডিকা বাহনেৰে সৰবৰাহ কৰিছিল ড্ৰাগছখিনি ৷ বাহনখনৰ ভিতৰত লুকুৱাই অনা হৈছিল ড্ৰাগছখিনি ৷ জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় তিনিলাখৰো অধিক হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে ৷

গোলাঘাট বেঙেনাখোৱা নিৱাসী লিলি বেগম, আব্দুল আহমেদ নামৰ দম্পতীটোৰ পৰা উদ্ধাৰ কৰা হৈছে ড্ৰাগছখিনি । বৰ্তমান আটকাধীন স্বামী-স্ত্ৰীক দেৰগাঁও আৰক্ষী থানাত সোধা-পোছা কৰা হৈছে ৷ দম্পতীটোৱে ক’ৰ পৰা ড্ৰাগছখিনি আনিছিল সেই বিষয়ে আৰক্ষীয়ে একো কোৱা নাই ৷ ইতিমধ্যে আৰক্ষীৰ দলে দম্পতীটোৰ পৰা অধিক তথ্য আহৰণ বাবে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, ডিমাপুৰৰ পৰা একাংশ সৰবৰাহকাৰীয়ে ড্ৰাগছ ক্ৰয় কৰি কাষৰীয়া জিলাসমূহলৈ যোগান ধৰা অভিযোগ দীৰ্ঘদিনীয়া । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ আৰক্ষীক কঠোৰ নিৰ্দেশনা দি অহাৰ পিচতো কৰবাত যেন ৰৈ গৈছে সুৰুঙা ৷ যাৰ ফলস্বৰূপে প্ৰতিদিনেই ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ইটোৰ পিচত সিটোকৈ ড্ৰাগছ জব্দ কৰাৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে ৷

লগতে পঢ়ক: Narcotics seized: ডিফুত কানি আৰু শুকান পপী গছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.