Narcotics seized: ডিফুত কানি আৰু শুকান পপী গছ জব্দ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:11 PM IST

thumbnail

ডিফু,১৪ অক্টোবৰ: শনিবাৰে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে চলোৱা তালাচী অভিযানত দুখন ট্ৰাকত বুজন পৰিমাণৰ কানি আৰু শুকান পপী গছ জব্দ কৰা হয় । প্ৰাপ্ত তথ্য অনুসৰি, বোকাজান মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত পুৱা প্ৰায় দহ বজাত আৰক্ষীৰ এটা দলে নিয়মীয়া তালাচীৰ সময়তে সন্দেহবশতঃ NL07 AA3057 নম্বৰৰ ট্ৰাকখনত তালাচী চলোৱাত ট্ৰাকখনৰ কেবিনত কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত ৬.০৫৮ কিঃগ্ৰাঃ কানি জব্দ কৰিবলৈ সক্ষম হয় ।  

একেদৰে, BR06 GF6731 নম্বৰৰ ট্ৰাকখনত আৰক্ষীয়ে তালাচী চলাই ১.১৭২ কিঃগ্ৰাঃ শুকান পপী গছ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা পপী গছখিনি ক'লা ৰঙৰ পলিথিনেৰে মেৰিয়াই ট্ৰাকখনৰ চালকৰ আসনৰ পিছফালে লুকুৱাই ৰখা হৈছিল । এই সন্দৰ্ভত আৰক্ষীয়ে দুয়োখন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে আটক কৰা ট্ৰাককেইখনৰ চালক-হেণ্ডিমেনক ক্ৰমে তাৰাবীৰ গুৰুং, সাগৰ ধুংগানা, গণেশ যাদৱ আৰু সুনীল কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক: Assam Govt Loan: ঋণৰ পাহাৰ গঢ়া অসম চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ ধামখুমীয়া আৰু পাৰিশ্ৰমিকহীন মডেল ব’হাগী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.