ETV Bharat / state

Assam Govt Loan: ঋণৰ পাহাৰ গঢ়া অসম চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ ধামখুমীয়া আৰু পাৰিশ্ৰমিকহীন মডেল ব’হাগী

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 6:40 PM IST

Updated : Oct 14, 2023, 8:24 PM IST

অসম চৰকাৰত এতিয়া ঋণৰ পাহাৰ ৷ হিতাধিকাৰী আঁচনিৰ ধামখুমীয়া আৰু পাৰিশ্ৰমিকহীন মডেল ব’হাগী দেউৰীয়ে উদঙালে প্ৰকৃত স্বৰূপ ৷ অনুৎপাদনশীল বিনিয়োগক লৈ উঠিছে প্ৰশ্ন ৷

Assam Govt Loan
অসম চৰকাৰত এতিয়া ঋণৰ পাহাৰ

গুৱাহাটী, ১৪ অক্টোবৰ : অসম চৰকাৰে ল’ব পূজা স্পেচিয়েল ঋণ ৷ পূজাৰ আগে আগে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে পুনৰ ল’ব ১০০০ কোটি টকাৰ ঋণ ৷ আনহাতে ৰাজ্যজুৰি ইখনৰ পিছত সিখন আঁচনি ৰূপায়ণৰ যোগেদি লাখ লাখ হিতাধিকাৰী সৃষ্টিৰে হাজাৰ হাজাৰ কোটি টকা খৰচ ৰাজ্য চৰকাৰৰ ৷ এই বিষয় লৈ ৰাজ্যজুৰি বিৰোধী আৰু সচেতন লোকৰ প্ৰশ্নৰ সন্মুখীন হ’লগীয়া হৈছে ৰাজ্য চৰকাৰ ৷

ঋণৰ বোজা আৰু অনুৎপাদনহীন বিনিয়োগৰ অভিযোগেৰে প্ৰশ্ন উৎত্থাপিত হৈছে ৷ যাৰ উত্তৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১২ অক্টোবৰৰ দিনা যোৰহাটত হিতাধিকাৰীৰ সভাত দিছিল এনেদৰে- “যদি অসমৰ মানুহ হিতৰে অধিকাৰী নহয়, তেন্তে মই হিমালয়ত বহি থকাই ভাল ৷ মইতো মানুহক হিতাধিকাৰী কৰিবই লাগিব ৷

Assam Govt Loan
ৰাজ্য চৰকাৰে পুনৰ ল’ব ১০০০ কোটি টকাৰ ঋণ

ঋণৰ পাহাৰ আৰু আকৌ ঋণ : আজিৰ তাৰিখত চৰকাৰৰ বিভিন্ন উৎসৰ পৰা গ্ৰহণ কৰা সৰ্বমুঠ ঋণৰ পৰিমাণ জানেনে ? অসমবাসীয়ে আজিৰ তাৰিখত বহন কৰিছে ১,৩৮,২৫০ কোটি টকাৰ ঋণৰ বোজা ৷ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ২০২১ চনৰ পৰা আঢ়ৈ বছৰত প্ৰায় ৩৭ হাজাৰ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে ৷ এতিয়া অহা ১৭ অক্টোবৰত পুনৰ ১০০০ কোটি টকাৰ ঋণ লোৱাৰ কথা । ঋণ গ্ৰহণ বিষয়ত যোৱা ৯ অক্টোবৰত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এক বিশেষ প্ৰস্তাৱ গৃহীত কৰিছিল । প্ৰস্তাৱটো আছিল গ্ৰাম্য পথ, দলং নিৰ্মাণৰ বাবে নাবাৰ্ডৰ পৰা ৯৫০ কোটি টকা ঋণ লোৱাৰ ৷ এই প্ৰস্তাৱ গৃহীত কৰাৰ পাছত এমাহৰ ভিতৰতে দ্বিতীয়বাৰ ১০০০ কোটি টকা ঋণ ল'বলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷

যোৱা ৩ অক্টোবৰত ১০০০ কোটি টকাৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে ৷ অৰ্থাৎ মাহটোৰ ভিতৰতে ২০,০০০ কোটি টকাৰ ঋণ অসম চৰকাৰৰ ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে ১০ বছৰৰ বাবে ষ্টক নিলাম কৰি অসম চৰকাৰে ১৭ অক্টোবৰত এইবাৰ ১০০০ কোটি টকা ঋণ ল'ব । ইতিমধ্যে অসম চৰকাৰ ঋণৰ বাবে ষ্টক নিলামৰ নিবিদা বিজ্ঞাপন জাৰি কৰিছে আৰ বি আয়ে । পূৰ্বৰ দৰে এই ঋণৰ ম্যাদো ১০ বছৰ । ১০ বছৰৰ পাছত ৰাজ্য চৰকাৰে সেই ঋণ পৰিশোধ কৰিব লাগিব । বৰ্তমান বিজেপি চৰকাৰখনে কেৱল দুবছৰ পাঁচমহীয়া কাৰ্যকালত লোৱা ঋণৰ পৰিমাণ হ'বগৈ প্ৰায় ৪৭,০০০ কোটি টকা ।

১৭ অক্টোবৰত ১,০০০ কোটি টকা ঋণ লোৱাৰ পাছত ৰাজ্য চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'বগৈ প্ৰায় ১ লাখ ৪০,২৫০ কোটি টকাতকৈয়ো অধিক । আনহাতে লোকসভাৰ মজিয়াত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা তথ্য অনুসৰিয়েই যোৱা মাৰ্চ মাহ পৰ্যন্ত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ১ লাখ ২১ হাজাৰ ২৭৬ কোটি টকালৈ বৃদ্ধি পাইছে । ইয়াৰ বিপৰীতে জনমুৰি আয়ৰ পৰিমাণ মাথো ১ লাখ ১৮ হাজাৰ ৫০৪ টকা ।

উৎপাদনশীল কামত ব্যৱহাৰ হৈছেনে হাজাৰ হাজাৰ কোটিৰ ঋণৰ ধন ? : ৰাজ্য চৰকাৰে লোৱা হাজাৰ হাজাৰ কোটি টকা ঋণৰ ব্যৱহাৰক লৈ জনসাধাৰণৰ মাজত সংশয় আৰু প্ৰশ্নৰ উদ্ৰেক ঘটিছে ৷ প্ৰশ্ন উঠিছে যে এক ভয়ংকৰ আৰ্থিক দুৰৱস্থাৰ দিশে গতি কৰিছে নেকি অসমে ? এই ধাৰৰ বোজাই অসমক এক অনিশ্চয়তাৰ দিশলৈ লৈ গৈ আছে নেকি অসমক ? হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হিতাধিকাৰী আঁচনিয়ে বৃদ্ধি কৰিছে শংকা । এই টকা ক’ত কেনেকৈ ব্যৱহৃত হৈছে তাৰ স্বচ্ছতা বিছাৰিছে বিৰোধী দলসমূহৰ লগতে বহু বুদ্ধিজীৱিয়ে ৷ আনকি শ্বেতপত্ৰও দাবী কৰিছে বিভিন্ন পক্ষই ৷ কিয়নো ধাৰ লোৱা বৃহৎ পৰিমাণৰ টকাৰে চৰকাৰে কেৱল হিতাধিকাৰীহে সৃষ্টি কৰিছে বুলি বাধ্য হৈছে জনসাধাৰণ ।

এই ঋণৰ টকাসমূহ ক’ত কেনেকৈ ব্যৱহাৰ হৈছে সেয়া জনাৰো অধিকাৰ আছে অসমবাসীৰ ৷ ইতিমধ্যে এটা কথা স্পষ্ট হৈছে যে উৎপাদনশীল শিতানত ঋণৰ টকা ব্যয় নকৰাটোৱেই অসমৰ স্থিৰ অৰ্থনীতি আৰু জনমূৰি আয় বৃদ্ধি নোপোৱাৰ অন্যতম কাৰণ । বিপৰীতে চৰকাৰে দিনক দিনে বৃদ্ধি কৰিছে হিতাধিকাৰী । যি হিতাধিকাৰীৰ জৰিয়তে চৰকাৰখনে নিজৰ দলৰ ভোটবেংকটোহে শক্তিশালী কৰিবলৈ চেষ্টা কৰাটো প্ৰতিফলিত হৈছে । এইক্ষেত্ৰত সফলো হৈছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ ।

উৎপাদনক্ষম পৰিসৰত ধনৰ বিনিয়োগৰ ক্ষেত্ৰত মন নিদিয়াৰ বাবেই জনমূৰি আয় যে বৃদ্ধি পোৱা নাই সেয়া নিশ্চিত । প্ৰায় প্ৰতি মাহৰ অন্তৰে-অন্তৰে এতিয়া এহেজাৰ কোটিকৈ ধাৰ লোৱা অসম চৰকাৰে অনিশ্বয়তাৰ দিশলৈ লৈ গৈছে ৰাজ্য চৰকাৰখনক । ১৭ অক্টোবৰত ল’বলগীয়া ঋণকে ধৰি অসম চৰকাৰৰ ধাৰৰ বোজাই চুবগৈ প্ৰায় ১ লাখ ৪০ হাজাৰ ২৫০ কোটি টকাৰ ঘৰ । ফলত সুতৰ বোজাও বাঢ়িছে অভাৱনীয়ভাৱে । এই বৃহৎ পৰিমাণৰ ঋণৰ বাবে অসম চৰকাৰে কেৱল সুতৰ নামতে প্ৰায় ১০ হাজাৰ কোটি টকাতকৈও অধিক টকা আদায় দিব লাগিব । লাখ লাখ হিতাধিকাৰীৰে ভৰি থকা ৰাজ্য এখনৰ বাবে এই ঋণৰ পৰিমাণ অতি চিন্তনীয় ।

ইফালে কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিক তথ্যতেই উন্মোচিত হৈছে যে পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শকো উলাই কৰি নৰেন্দ্ৰ মোডী চৰকাৰে কৰ্তন কৰি আহিছে অসমে পাবলগীয়া কেন্দ্ৰীয় কৰৰ অংশ, দুৰ্যোগ সাহায্য পুঁজি, পঞ্চায়ত, নগৰ পালিকা আদি বিভিন্ন শিতানৰ শ শ কোটি টকা । তেনেস্থলত হিতাধিকাৰী সৃষ্টি আৰু নিৰ্মাণত জড়িত কামতে অত্যধিক ব্যস্ত থকা ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উৰণসেতু নিৰ্মাণৰ নামত ব্যয় কৰি আছে হাজাৰ-হাজাৰ কোটি টকা । এইবোৰেও এক অৰ্থনৈতিক সংকটৰ দিশে ৰাজ্যখনে গতি কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে বিশ্লেষকসকলে ৷

অৰুণোদয় আঁচনিৰ পোষ্টাৰ ৱ’মেন ব’হাগীয়ে কি উদঙালে ? কালি পোহৰলৈ আহিছে অৰুণোদয় আঁচনিৰ বিজ্ঞাপনৰ পোষ্টাৰত মডেলৰূপে ফটো ব্যৱহাৰ কৰা দৰিদ্ৰ মহিলাগৰাকীয়েই আজিলৈকে নাপালে আঁচনিখনৰ ধন ৷ ২০২০-২১ বৰ্ষৰ পৰাই প্ৰকাশিত অৰুণোদয়ৰ বিজ্ঞাপনত মহিলাগৰাকীৰ আলোকচিত্ৰ প্ৰকাশ কৰি অহা হৈছে যদিও এই পৰ্যন্ত মহিলাগৰাকীয়ে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন । অৰ্থাৎ খোদ পোষ্টাৰ ৱ’মেনকে চুব পৰা নাই হিতাধিকাৰী আঁচনিয়ে ৷ তেনেস্থলত ঋণৰ কোটি কোটি টকা অনুৎপাদনশীল ব্যৱহাৰক লৈ প্ৰশ্ন উৎত্থাপন হোৱাটো স্বাভাৱিক ৷ চৰকাৰেও ব্যৱহাৰৰ সবিশেষ স্বচ্ছতাৰে জনসাধাৰণৰ ওচৰত দাঙি ধৰা উচিত ৷ তদুপৰি এয়া গণতান্ত্ৰিক চৰকাৰে নিজৰ কৰ্তব্য বুলি গণ্য কৰা উচিত ৷

লাখ লাখ হিতাধিকাৰীৰে ভৰি থকা ৰাজ্য এখনৰ প্ৰতি এই ধাৰৰ পৰিমাণ ভয়াৱহ হৈ নুঠিবনে ? কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিক তথ্যতেই উন্মোচিত হৈছে যে পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শকো উলাই কৰি নৰেন্দ্ৰ মোডী চৰকাৰে কৰ্তন কৰি আহিছে অসমে পাবলগীয়া কেন্দ্ৰীয় কৰৰ অংশ, দুৰ্যোগ সাহায্য পুঁজি, পঞ্চায়ত, নগৰ পালিকা আদি বিভিন্ন শিতানৰ শ শ কোটি টকা । তেনেস্থলত হিতাধিকাৰী সৃষ্টি আৰু নিৰ্মাণ কাৰ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্যয় কৰি আছে হাজাৰ-হাজাৰ কোটি টকা । তেনেহ'লে এনে এক অৰ্থনৈতিক অৱস্থাই অসমৰ অনিশ্চিত ভৱিষ্যতৰ ইংগিত বহন কৰা নাইনে ?

লগতে পঢ়ক: Assam CM at Haridwar Narayani Shila Temple : উত্তৰাখণ্ডৰ হৰিদ্বাৰত পূৰ্বপুৰুষক তৰ্পন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Last Updated : Oct 14, 2023, 8:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.