ETV Bharat / bharat

Assam CM at Haridwar Narayani Shila Temple : উত্তৰাখণ্ডৰ হৰিদ্বাৰত পূৰ্বপুৰুষক তৰ্পন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 10:00 AM IST

Assam CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী শৰ্মাই পূৰ্বপুৰুষক তৰ্পন কৰে

আজি মহালয়া অমাৱস্যা ৷ মহালয়া অমাৱস্যা উপলক্ষে উত্তৰাখণ্ডৰ হৰিদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বপুৰুষক তৰ্পন কৰে ৷

ৰ্বপুৰুষক তৰ্পন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেশ্যনেল ডেস্ক, 14 অক্টোবৰ : শনিবাৰে পুৱাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডৰ হৰিদ্বাৰত উপস্থিত হয় । মহালয়া অমাৱস্যা উপলক্ষে বিখ্যাত নাৰায়ণী শিলা মন্দিৰত মুখ্যমন্ত্ৰী শৰ্মাই পূৰ্বপুৰুষক তৰ্পন কৰে । এই সময়ছোৱাত সাংবাদিকৰ আগতো বিৰোধী সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ কয়, ‘‘আমাৰ দেশত আমাৰ সনাতন ধৰ্মৰ পৰম্পৰা ভৱিষ্যতেও এইদৰেই চলি থাকিব’’ ।

বিৰোধীক লক্ষ্য কৰি :

উত্তৰাখণ্ডৰ হৰিদ্বাৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ প্ৰতি বছৰে অমাৱস্যাৰ দিনা প্ৰাচীন নাৰায়ণী শিলা মন্দিৰ দৰ্শন কৰিবলৈ আহে । মহালয়া অমাৱস্যা উপলক্ষে তেওঁ প্ৰাচীন নাৰায়ণী শিলা মন্দিৰত পূৰ্বপুৰুষসকলক তৰ্পনৰ লগতে শ্ৰাদ্ধৰ সকলো কাম-কাজো সম্পন্ন কৰে ।

তেওঁ আৰু কয় যে মন্দিৰত পূজা কৰিলে মনলৈ শান্তি আহে, মন প্ৰফুল্লিত হয় ৷ সনাতন ধৰ্ম সন্দৰ্ভত তেওঁ কয় যে একাংশ লোকে বিচাৰে যে সনাতন আৰু সনাতনৰ সৈতে জড়িত পৰম্পৰা দেশত শেষ হওক ।

জনসাধাৰণে বিৰোধীক উপযুক্ত উত্তৰ দিব :

‘‘সনাতন ধৰ্ম আৰু ইয়াৰ লগত জড়িত পৰম্পৰা প্ৰায় 5000 বছৰ আগৰ পৰাই প্ৰচলিত হৈ আহিছে । আমাৰ দেশ আৰু আমাৰ সনাতন ধৰ্মৰ পৰম্পৰা ভৱিষ্যতেও এইদৰেই চলি থাকিব ।’’ এই মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ ৷ মিত্ৰজোঁটে দিয়া বক্তব্য সন্দৰ্ভত তেওঁ কয় যে সনাতন ধৰ্মৰ ওপৰত বক্তব্য দি থকা ৰাইজে পাপ কৰিছে । এই পাপৰ বাবে ভাৰতৰ জনসাধাৰণে আগন্তুক 2024 চনত তেওঁলোকক উপযুক্ত উত্তৰ দিব ।

লগতে পঢ়ক : Mahalaya 2023 : মহালয়া উপলক্ষে লোকাৰণ্য তেজপুৰৰ ঐতিহাসিক মহাভৈৰব মন্দিৰৰ প্ৰাংগন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.