ETV Bharat / state

কুৰালগুৰি উঃ মাঃ বিদ্যালয়ৰ মহাৰজত‌ জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ শুভাৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 9:09 PM IST

Closing ceremony of Platinum Jubilee of Kuralguri HS School
কুৰালগুৰি উঃ মাঃ বিদ্যালয়ৰ মহাৰজত‌ জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ শুভাৰম্ভ

গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত‌ জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে উখল-মাখল পৰিৱেশ । শুকুৰবাৰে অনুষ্ঠিত হয় মহাৰজত‌ জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠান ।

কুৰালগুৰি উঃ মাঃ বিদ্যালয়ৰ মহাৰজত‌ জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ শুভাৰম্ভ

গোলাঘাট,৮ ডিচেম্বৰ : গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত আগশাৰীৰ চৰকাৰী বিদ্যালয় কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উছৱমুখৰ পৰিৱেশ । ১৯৪৫ চনতে বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াসেৰে প্ৰতিষ্ঠা হৈছিল বিদ্যালয়খন । বহু ঘাট-প্ৰতিঘাটৰ মাজেদি শৈক্ষিক উত্তৰৰণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বিদ্যালয়খনে অতিক্ৰম কৰিলে গৌৰৱোজ্বল ৭৫ টাকৈ বৰ্ষ ।

এই মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি চাৰিদিনীয়াকৈ আৰম্ভ হৈছে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান । শুকুৰবাৰে ৭৫ খন পতাকা উত্তোলন কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, বিদ্যালয়ৰ অধ্যক্ষ জ্যোতি কুমাৰী শৰ্মা, বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ সদৌ অসম ছাত্ৰসন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীৰ লগতে বহুসংখ্যক প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে ।

স্মৃতি তৰ্পণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অজিত কুমাৰ বৰুৱাই, শ্বহীদ তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী পুৰঞ্জয় গোস্বামীয়ে । প্ৰেক্ষাগৃহ উদ্বোধন কৰে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক সোমেশ্বৰ বৰদলৈয়ে । তাৰ পাছতে 'কুৰালগুৰি সমন্বয় চ'ৰা, গুৱাহাটী'ৰ পৃষ্ঠপোষকতাত নিৰ্মাণ হোৱা প্ৰাক্তন প্ৰধান শিক্ষক, বেণী শৰ্মা সোঁৱৰণী আভ্যন্তৰীণ ক্ৰীড়া গৃহ শুভ উদ্বোধন কৰে প্ৰয়াত বেণীমাধৱ শৰ্মাৰ পৰিয়ালবৰ্গই ।

বিভিন্ন কাৰ্যসূচীৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা এই মহাৰজত জয়ন্তীৰ ১১ ডিচেম্বৰত অনুষ্ঠিত কৰা হ'ব মুকলি সভা । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষা মন্ত্ৰী ৰণোজ পেগু, বিত্ত মন্ত্ৰী অজন্তা নেওগ, কৃষি মন্ত্ৰী অতুল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভঁৰালী, গড়গাঁৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সব্যসাচী মহন্তকে আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি ।

লগতে পঢ়ক : ৰাজ্যজুৰি পঞ্চমদিনাও বন্ধ ৰন্ধন গেছৰ যোগান; পণবন্দী লাখ-লাখ ৰন্ধন গেছৰ গ্ৰাহক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.