ETV Bharat / state

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ পৰা উদ্ধাৰ 9mm পিস্তলৰ সজীৱ গুলী

author img

By

Published : Oct 15, 2019, 8:19 AM IST

দুৰ্গা পূজা চাবলৈ গৈ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই লগত আনিলে এটা 9mm পিষ্টলৰ সজীৱ গুলী ৷ ক'ত পালে এই সজীৱ গুলীটো ৷ উক্ত ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীৰ তদন্ত অব্যাহত

স্কুলীয়া ছাত্ৰৰ হাতত 9mm পিস্তলৰ গুলি

গোলাঘাট, 15 অক্টোবৰ: গোলাঘাটত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ চতুৰ্থ শ্ৰেণীৰ স্কুলীয়া ছাত্ৰৰ হাতত উদ্ধাৰ হ'ল 9mm পিস্তলৰ সজীৱ গুলী । ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ ভাষ্য অনুসৰি গোলাঘাট কুশল কোঁৱৰ বাল্য ভৱনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনে আত্মীয়ৰ স'তে বিগত দুৰ্গোৎসৱৰ নৱমী পূজা উপভোগ কৰি আহি থাকোতে পথৰ ওপৰত পাইছিল গুলীটো। সোমবাৰে ছাত্ৰজনে গুলীটো স্কুললৈ আনি সমনীয়াক দেখুৱাই ফলত দুজনমান ছাত্রই শিক্ষকক গুলীটোৰ বিষয়ে অৱগত কৰে ৷ পিচত শিক্ষকে সজীৱ গুলীটো আৰক্ষীক চমজাই দিয়ে। সন্দেহ কৰা অনুসৰি পূজাৰ ভীৰৰ মাজত কোনো আৰক্ষীৰ অসাৱধানতাবশত পথৰ ওপৰত পৰি গৈছিল পিস্তলৰ গুলীটো । গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে গুলীটো জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।

ছাত্ৰৰ হাতত 9mm পিস্তলৰ গুলি
Intro:Body:গোলাঘাটত স্কুলীয়া ছাত্ৰৰ হাতত 9mm পিস্তলৰ গুলি উদ্ধাৰ। গোলাঘাট কুশল কোঁৱৰ বাল্য ভৱনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ হাতত উদ্ধাৰ নাইন এম এম পিস্তলৰ গুলি। স্কুলীয়া ছাত্ৰৰ হাতত পিস্তলৰ গুলি উদ্ধাৰ কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰে গোলাঘাটত। প্ৰাপ্ত তথ্য অনুসৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ জনৰ এজন আত্মীয় ছাত্ৰই বিগত দূৰ্গা পূজাৰ নৱমী নিশা পূজা উপভোগ কৰি থাকোতে পথৰ ওপৰত পাইছিল গুলিটো। সোমবাৰে স্কুলৰ বেগত গুলিটো লৈ আহিছিল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ জনে। লগৰ লৰাৰ সৈতে খেলি আছিল গুলিটো। দুজনমান ছাত্রই শিক্ষকক অৱগত কৰাৰ পিছত শিক্ষকে আৰক্ষীক খবৰ দি চমজাই দিয়ে। সন্দেহ কৰা অনুসৰি পূজাৰ ভীৰৰ মাজত কোনো আৰক্ষীৰ পিস্তলৰ গুলি অসাৱধানতাৰ বশত পথৰ ওফৰত পৰি গৈছিল। গোলাঘাট আৰক্ষীয়ে গুলিটো জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।Conclusion:Byte_শিক্ষক
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.