ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা দেউলীয়া ৰাজ্যৰ দেউলীয়া মুখ্যমন্ত্ৰী

author img

By

Published : Jun 26, 2022, 12:27 PM IST

Akhil Gogoi slams CM Himanta Biswa Sarma
হিমন্ত বিশ্ব শৰ্মাক দেউলীয়া ৰাজ্যৰ দেউলীয়া মুখ্যমন্ত্ৰী আখ্যা

বোকাখাতত কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰীক কটাক্ষ বিধায়ক অখিল গগৈৰ(Akhil Gogoi slams CM Himanta Biswa Sarma) ৷ অসমক সাহাৰ্য দিয়াৰ পৰিৱৰ্তে চৰকাৰে দুই নম্বৰী ৰাজনীতিবিদ, বিক্ৰী হোৱা ঘোঁৰা কেইজনমানক অসমলৈ পঠিয়াইছে বুলি মন্তব্য বিধায়কগৰাকীৰ (MAHA Political crisis) ৷

বোকাখাত, 26 জুন : "বিজেপিৰ চৰকাৰখনে অসমক সম্পূৰ্ণৰূপে মাহী আইৰ চকুৰে চাইছে ৷ চৰকাৰে অসমক সাহাৰ্য দিয়াৰ পৰিৱৰ্তে দুই নম্বৰী ৰাজনীতিবিদ, মগজু নোহোৱা, বিক্ৰী হোৱা ঘোঁৰা কেইজনমানক অসমলৈ পঠিয়াইছে (MAHA Political crisis) ৷ দুই নম্বৰী ৰাজনীতিবিদ কেইজন আহিলে অসমত যেতিয়া পৰ্যটক বুলি ক’ব, তেওঁলোকৰ পৰা ৰাজহ অহা বুলি তেতিয়াই বুজি পাব লাগে অসমৰ অৰ্থনৈতিক অৱস্থা কিমান বেয়া ৷"

বোকাখাতত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈৰ (Akhil Gogoi slams CM Himanta Biswa Sarma) ৷ বিধায়কগৰাকীয়ে লগতে কয় যে "বিজেপিৰ চৰকাৰৰ সময়ত অসমৰ অৰ্থনীতি চূৰমাৰ কৰিলে ৷ বিজেপিয়ে নৈতিকতাক বিসৰ্জন দিলে ৷ অসমৰ মানুহে ৰেডিশ্বন ব্লুৰ পৰা দুই নম্বৰী বিধায়কবোৰক খেদিব লাগে ৷

হিমন্ত বিশ্ব শৰ্মাক দেউলীয়া ৰাজ্যৰ দেউলীয়া মুখ্যমন্ত্ৰী আখ্যা

বিধায়ক গগৈয়ে লগতে কয় যে, অসমৰ মানুহে ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব ৷ অসমৰ বানৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ ভূমিকা একেই ৷" ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমৰ বানৰ প্ৰকৃত ছবি প্ৰচাৰ কৰাৰ বিপৰীতে ৰেডিশ্বন ব্লুৰ বাতৰি ২৪ ঘন্টাই প্ৰচাৰতহে বেছি গুৰুত্ব দিছে বুলি কটাক্ষ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Assam Cabinet: ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.