ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মানৱ শৃংখল

author img

By

Published : Aug 10, 2021, 11:56 AM IST

aasu stage protest by making human chain at golaghat
মূল্যবৃদ্ধি ৰোধৰ দাবীত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মানৱ শৃংখল

ৰাজ্যত দৈনিক অত্যধিক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ পৰিৱৰ্তে যোগানমন্ত্ৰীয়ে বিভিন্ন সময়ত তুলুঙা মন্তব্য দিয়াহে পৰিলক্ষিত হৈছে ৷ যোগানমন্ত্ৰীৰ এনে মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ যাৰ বাবে সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে আন্দোলনৰ কাৰ্যসূচী ৷

সৰুপথাৰ, 10 আগষ্ট : ধনশিৰি মহকুমা ছাত্ৰ সন্থাই দেওবাৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । ধনশিৰি মহকুমা ছাত্ৰ সন্থাই গোলাঘাট জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৱে কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত চৰকাৰক উচিত মূল্য প্ৰদান কৰাৰ বাবেও আহ্বান জনায় ।

উল্লেখ্য যে, ৰাজ্যত দৈনিক অত্যধিক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ প্ৰতিবাদকাৰীসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত যোগান মন্ত্ৰী ৰণজিৎ দাস আৰু চৰকাৰ বিৰোধী শ্ল'গান দি চৌদিশ উত্তাল কৰি তোলে ৷ ধনশিৰি মহকুমা ছাত্ৰ সন্থাই অতি শীঘ্ৰে সকলো অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায় । অন্যথা ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক : জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰাৰ হুংকাৰ আছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.