জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰাৰ হুংকাৰ ASU ৰ

By

Published : Aug 10, 2021, 9:19 AM IST

Updated : Aug 10, 2021, 10:45 AM IST

thumbnail

বাক্সা জিলাৰ শালবাৰীত সোমবাৰে অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ASU ই 28 সংখ্যক ‘বিশ্ব আদিবাসী দিৱস’ উদযাপন কৰে ৷ এই দিৱসৰ লগত সংগতি ৰাখি বাঁহবাৰী চাইনব’ৰ্ডত সাংস্কৃতিক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ৰ সমীপৰ ফাতেমাবাদ চাহ বাগিচা (Fatemabad Tea Estate)ত বিশ্ব আদিবাসী দিৱসৰ দিনাই জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আদিবাসীসকলক চাহ শ্ৰমিক বুলি পৰিচয় দি প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি চৰকাৰে জনজাতিকৰণৰ নামত ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতা মানছুক ছাংখাৰিকা আৰু ৰাজু তুৰ্কীয়ে ৷ আদিবাসীসকলক অচিৰেই জনজাতীয় মৰ্যদা দিয়াৰো দাবী তুলিছে সংগঠনটোৱে ৷

Last Updated : Aug 10, 2021, 10:45 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.