ETV Bharat / state

অৱশেষত আটক হ’ল সৰুপথাৰৰ পেট্ৰল পাম্পৰ ডকাইটি কাণ্ডৰ চাৰি অভিযুক্ত

author img

By

Published : Aug 21, 2021, 9:00 PM IST

4 arrested in sarupathar petrol pump robbery case
অৱশেষত আটক হ’ল সৰুপথাৰৰ পেট্ৰল পাম্পৰ ডকাইটি কাণ্ডৰ চাৰি অভিযুক্ত

সৰুপথাৰৰ শ্যাম চাৰ্ভিছ পেট্ৰল পাম্পৰ ডকাইটি কাণ্ডৰ লগত জড়িত চাৰি যুৱক আটক কৰিলে আৰক্ষীয়ে ৷ প্ৰেটল পাম্পটোৰ পৰা প্ৰায় ২ লাখ টকা লুটি নিয়াৰ লগতে পাম্পটোৰ কৰ্মৰত কৰ্মচাৰীৰ পৰা তিনিটা মোবাইল ফোন কাঢ়ি লৈ গৈছিল ডকাইটৰ দলটোৱে ৷

সৰুপথাৰ, 21 আগষ্ট : গোলাঘাট জিলাৰ সৰুপথাৰৰ ইকৰানিত থকা শ্যাম চাৰ্ভিছ নামৰ পেট্ৰল পাম্পত বিগত ১৩ আগষ্টৰ দিনা এক ডকাইটিৰ কাণ্ড সংঘটিত হৈছিল । মটৰ চাইকেলেৰে অহা ৪ জনীয়া এটি যুৱকৰ দলে পিষ্টল দেখুৱাই পাম্পটোত চলাইছিল এই ডকাইটি ৷ প্ৰেটল পাম্পৰ পৰা প্ৰায় ২ লাখ টকা লুটি নিয়াৰ লগতে পাম্পটোৰ কৰ্মৰত কৰ্মচাৰীৰ পৰা তিনিটা মোবাইল ফোন কাঢ়ি লৈ গৈছিল ডকাইটৰ দলটোৱে ।

ইপিনে ধনশিৰি মহকুমাৰ আৰক্ষীয়ে এই ঘটনাৰ পিছতে বিগত কেইদিনত গোলাঘাট জিলাৰ লগতে কাৰ্বি আংলঙ জিলাৰ বিভিন্ন ঠাইত অপৰাধীৰ সন্ধানত অভিযান চলাই আছিল । অৱশেষত ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাৰ নেতৃত্বত গোলাঘাট আৰু কাৰ্বি আংলঙ জিলাৰ সীমাৰ নাওঘাট অঞ্চলৰ পৰা উক্ত ডকাইটি কাণ্ডৰ লগত জড়িত ৪ জনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

দুটা পইন্ট টু পিষ্টল আৰু ১০ জাঁই সজীৱ গুলি সহ চাৰিওকে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । আটকাধীন ৪ যুৱক ক্ৰমে ৰূপম খাকলাৰী, নৱকান্ত বড়ো, ৰাকেশ ইংতি, কেন তেৰাং বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি, আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি তদন্ত অব্যহত ৰাখিছে বুলি জানিব দিছে ।
লগতে পঢ়ক : দিল্লীত ধৰাষাৰ বৰষুণ; ব্যাহত যান-বাহনৰ চলাচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.