ETV Bharat / bharat

দিল্লীত ধৰাষাৰ বৰষুণ; ব্যাহত যান-বাহনৰ চলাচল

author img

By

Published : Aug 21, 2021, 7:38 PM IST

ধাৰাসাৰ বৰষুণৰ ফলত দিল্লীত ব্যাহত হৈ পৰিছে যান-বাহনৰ চলাচল ৷ বিশেষকৈ, ৰাজধানীৰ মিণ্টু দলঙৰ তলত প্ৰচুৰ পৰিমাণে পানী জমা হোৱাৰ ফলত মিণ্টু ৰ'ডত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে ।

minto road underpass water logging
দিল্লীত ধৰাষাৰ বৰষুণ ;ব্যাহত যান-বাহনৰ চলাচল

নতুন দিল্লী, 21 আগষ্ট : 11 বছৰ পূৰ্বৰ অভিলেখ ভংগ কৰি চলিত মাহত সৰ্বাধিক বৰষুণ হৈছে ৰাজধানী চহৰ দিল্লীত ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ইয়াৰ পূ্ৰ্বে 2009 চনত দিল্লীত হোৱা ধাৰাষাৰ বৰষুণে অভিলেখ সৃষ্টি কৰিছিল ৷ ইয়াৰ পাচত 2010 চনৰ 10 আগষ্টত সৰ্বাধিক 110 মিলিমটাৰ পৰ্যন্ত বৰষুণ হৈছিল নতুন দিল্লীত ৷

দেশৰ ৰাজধানী দিল্লীত পুৱতি নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে যান-বাহনৰ চলাচল ৷ ইয়াৰ লগতে দিল্লীৰ কেইবা ঠাইত ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৷ যাৰ ফলত বন্ধ হৈ পৰিছে চৰকাৰী-বেচৰকাৰীৰ কাৰ্যালয়ৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ ৷

দিল্লীত ধৰাষাৰ বৰষুণ ;ব্যাহত যান-বাহনৰ চলাচল

উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ ফলত বেয়াকৈ প্ৰভাৱিত হৈছে নতুন দিল্লীৰ সদৰস্থিত মিন্টু ব্ৰীজ ৷ মিন্টু ব্ৰীজৰ সমীপৰ সমগ্ৰ অঞ্চলটো বৰ্তমান কৃত্ৰিম বান কৱলত বুলি জানিব পৰা গৈছে ৷ যান-বাহন আৰক্ষীৰ দ্বাৰা মিন্টু ৰ'ডত বৰ্তমান যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে ৷ মিন্টু ব্ৰীজৰ সমীপৰ অঞ্চলটোত পুৱতি নিশাৰ পৰা পুৱা ভাগলৈকে 73 মিলিনিটাৰ পৰ্যন্ত বৰষুণ হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: আন্তঃজিলা যাতায়াত মুকলিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.