ETV Bharat / state

আন্তঃজিলা যাতায়াত মুকলিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

author img

By

Published : Aug 21, 2021, 6:01 PM IST

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত বিগত তিনিমাহে আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে হাজাৰ হাজাৰ বাছ মালিক-কৰ্মচাৰীৰ ৷ শেহতীয়াকৈ ঘোষণা হোৱা SOP তো এই সন্দৰ্ভত কোনো নিৰ্দেশনা নিদিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে বাছ মালিক-কৰ্মচাৰী সকল ৷ ইয়াৰ মাজতে বৰপেটাৰ পৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কেইবাটাও সংগঠনে ৷

memorandum-issued-to-cm-demanding-opening-of-inter-district-travel-from-barpeta
আন্তঃজিলা যাতায়াত মুকলিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

বৰপেটা, 21আগষ্ট: লকডাউনে জুৰুলা কৰিছে বাছ মালিকৰ লগতে বাছত কৰ্মৰত শ্ৰমিক সকলৰ জীৱন ৷ বিগত চাৰিমাহ ধৰি বাছৰ চলাচল বন্ধ হৈ থকাৰ ফলত বাছ শ্ৰমিকসকলে দূৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷ এনে এক দূৰ্দশাপূৰ্ণ আৰু দূৰ্যোগপূৰ্ণ জীৱনৰ অৱসান বিচাৰি আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়া আৰু সকলো বাছ শ্ৰমিকক চৰকাৰী সাহাৰ্য প্ৰদানৰ দাবীত বৰপেটাৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে ৷

বৰপেটা জিলা পথ পৰিবহণ সন্থা, বাছ মালিক সন্থা আৰু বৰপেটা জিলা মটৰ শ্ৰমিক ইউনিয়নে বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এই স্মাৰকপত্ৰ ৷ স্মাৰকপত্ৰত বাছৰ শ্ৰমিকসকলে ৰাজ্যৰ সকলোবোৰ বাছৰ চালক, পৰিচালক আৰু হেণ্ডিমেনসকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনায় ৷ অতি শীঘ্ৰে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বাছৰ মালিক-কৰ্মচাৰী সকলে ৷

আন্তঃজিলা যাতায়াত মুকলিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

আনহাতে যোৱা বছৰ বহিঃৰাজ্যৰ পৰা ৰেলযোগে অহা যাত্ৰীসকলক ষ্টেচনৰ পৰা ঘৰলৈ অনাৰ কামত ব্যৱহাৰৰ বাবে পৰিবহণ বিভাগে বহুসংখ্যক বাছ অধিগ্ৰহন কৰিছিল ৷ কিন্তু অধিগ্ৰহন কৰা বাছ সমুহে আজিও চৰকাৰৰ পৰা প্ৰাপ্য ধন লাভ কৰা নাই ৷

আনকি অধিগ্ৰহন কৰা বাছ সমুহত কৰ্মৰত শ্ৰমিকসকলেও আজিলৈকে প্ৰাপ্য মজুৰি লাভ নকৰিলে বুলি ক্ষোভ ব্যক্ত কৰিছে বাছ মালিক আৰু কৰ্মচাৰী সকলে ৷ এইক্ষেত্ৰত বাছৰ মালিক আৰু শ্ৰমিকসকলে ভোগ কৰা সমস্যাসমুহ সমাধানৰ ক্ষেত্ৰত চৰকাৰক বিবেচনাৰ দাবী জনাইছে বাছ মালিক আৰু বাছ শ্ৰমিকসকলে ৷

লগতে পঢ়কঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাতৃভূমিত বিপুল আদৰণি

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বাছৰ চালক আৰু হেণ্ডিমেনক প্ৰতিমাহে 10 হাজাৰ টকাকৈ দিয়া হ'ব বুলি ঘোষণা কৰাৰ পাছতে দোমোজাত পৰিছে বাছৰ পৰিচালক (conductor) সকল ৷ কাৰণ এখন বাছৰ চালক-হেণ্ডিমেনৰ লগতে নিয়োজিত হৈ থাকে এজন পৰিচালক ৷ গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা উক্ত 10 হাজাৰ টকা পৰিচালকে পাব নে নাই সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে স্মাৰকপত্ৰ প্ৰদান কৰা সংগঠন কেইটাই ৷

লগতে পঢ়কঃ বিধ্বস্ত আফগানিস্তানক লৈ কিয় উদ্বিগ্ন মৰিগাঁৱৰ আলী খান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.