বিধ্বস্ত আফগানিস্তানক লৈ কিয় উদ্বিগ্ন মৰিগাঁৱৰ আলী খান ?

author img

By

Published : Aug 21, 2021, 12:42 PM IST

kabul war situation

কাবুলৰ শেহতীয়া ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰি গৈছে ৷ এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে মৰিগাঁৱৰ এটা পৰিয়াল ৷ কিন্তু কি কাৰণে উদ্বিগ্ন হৈছে পৰিয়ালটো ? পৰিয়ালটোৰ কি সম্পৰ্ক আফগানিস্তানৰ সৈতে ?

মৰিগাঁও, 21 আগষ্ট : মৃত্যু উপত্যকাত পৰিণত হৈছে আফগানিস্তানৰ ৰাজধানী কাবুল ৷ বিগত কিছুদিনৰ পৰা কাবুল দখল কৰি তালিবানীসকলে কৰা কাৰ্যৰ ভিডিঅ’ ইতিমধ্য Social media ত ভাইৰেল হৈছে ৷ সংঘৰ্ষজৰ্জৰ সময়চোৱাত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিৱেশ সৃষ্টি হোৱাত উদ্বেগ প্ৰকাশ কৰিছে সমগ্ৰ বিশ্বই ৷

দেশখনৰ পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্ন আৰু আতংকিত হৈ পৰিছে ৰাজ্যত বাস কৰা আফগানিস্তানৰ লোকসকলে ৷ মৰিগাঁৱতো বহুবছৰ ধৰি বাস কৰি আহিছে আফগান মূলৰ এটি পৰিয়াল ৷ পৰিয়ালটোৱে এই সন্দৰ্ভত চিন্তা প্ৰকাশ কৰি দেশখনৰ পৰিস্থিতি দুখজনক বুলি মন্তব্য প্ৰকাশ কৰে ৷

কাবুলৰ শেহতীয়া ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰি গৈছে

উল্লেখ্য যে, অসমতে জন্মগ্ৰহণ কৰিছিল আলী খান নামৰ আফগানিস্তান মূলৰ এগৰাকী ব্যক্তিয়ে ৷ ব্যক্তিগৰাকীয়ে মৰিগাঁৱত অতিবাহিত কৰিছে প্ৰায় ৫১ টা বছৰ । আলীৰ পিতৃ ১৯৬৫-৬৬ চনৰ পূৰ্বে ভাৰতলৈ আহিছিল । তেতিয়াৰ পৰাই পৰিয়ালটোৱে ভাৰততে নিগাজীকৈ বাস কৰিবলৈ লয় ৷ কাবুলৰ সৈতে পৰিয়ালটোৰ পোনপটীয়া সম্পৰ্ক নাথাকিলেও তেওঁলোকৰ আত্মীয়-স্বজন বৰ্তমানেও তাত আছে ৷

সেয়ে কাবুলত সংঘটিত প্ৰতিটো হিংসাত্মক ঘটনাই আলীৰ মনত আঘাত দিছে ৷ ব্যক্তিগৰাকীয়ে শীঘ্ৰে এই পৰিস্থিতিৰ শাম কটাৰ আশা প্ৰকাশ কৰিছে ৷ অন্যথা দেশখনত থকা লোকসকলৰ অৱস্থা অধিক শোচনীয় হ’ব বুলি দুখ প্ৰকাশ কৰে ৷ তদুপৰি এই অৱস্থাৰ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰক আলীয়ে কৰযোৰে অনুৰোধ জনায় ৷

লগতে পঢ়ক : পলায়নৰ পিছত প্ৰথমবাৰৰ বাবে ভিডিঅ' বাৰ্তা প্ৰেৰণ আশ্ৰফ ঘানিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.